কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী আৰু কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাংগালোৰত আয়ুষ চিকিৎসাক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে মাংগালোৰত চৰকাৰী জিলা ৱেনলক আয়ুষ চিকিৎসালয় ভৱনৰ শুভ উদ্বোধন কৰে।এই ব্যৱস্থাই জনসাধাৰণক সুলভ আৰু গুণগত স্বাস্থ্যসেৱা লাভ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে।ইয়াত আয়ুষ অ’পিডি (আয়ুৰ্বেদ,যোগ আৰু প্ৰাকৃতিক ৰোগথেৰাপী,য়ুনানী,সিদ্ধ,হোমিঅ’পেথি)আৰু এলোপেথিৰ সফল কাৰ্যকলাপৰ বাবে উন্নত আৰু বিশেষ চিকিৎসা সুবিধা থাকিব।আয়ুষ দক্ষিণ কানাড়া বিভাগৰ অধীনত ৭ খন আয়ুষ ডিচপেনচাৰী আৰু ১০ খন বিচনাযুক্ত আৰু ২৫ খন বিচনাযুক্ত চিকিৎসাৰ ২ খন আয়ুষ চিকিৎসালয় আছে।সকলো চিকিৎসা সুবিধা যুক্ত এই প্ৰতিষ্ঠান সমূহত প্ৰতিদিনে প্ৰায় ১০০০ ৰোগীক বিভিন্ন আয়ুষ চিকিৎসা সেৱা আগবঢ়োৱা হয়।ক’ভিড-১৯ ৰ সময়ত তেওলোকে আগবঢ়োৱা সেৱাৰ সোণোৱালে ভূয়সী প্ৰশংসা কৰে আৰু মানৱ কল্যাণৰ দিশত কাম কৰি যাবলৈ আহ্বান জনায়।দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে আয়ুৰ্বেদিক,যোগ,আৰু নিচাৰ’পেথী, য়ুনানী,হোমিঅ’পেথী,ইত্যাদিৰ প্ৰসাৰৰ ক্ষেত্ৰত আধুনিক আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰি যোৱা বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সোণোৱালে আহ্বান জনায় আৰু কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সপোনক সৰোগত কৰি আয়ুষক মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আয়ুষ মন্ত্ৰালয়ে ক্ষীপ্ৰতাৰে কাম কৰি আছে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী