নগাঁৱৰ জাজৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

0 176

নগাঁও জিলাৰ জাজৰিত অৱস্থিত গ্ৰীণ ভেলি পাব্লিক স্কুল প্ৰাংগনত দেওবাৰে এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন হয়। ৰহমান ফাউণ্ডেচনৰ উদ্যোগত আৰু ভিবজিঅৰ এণ্ড নিউ হোপ নামৰ স্বেচ্চাসেৱী অনুষ্ঠানটিৰ সহযোগত অনুষ্ঠিত হয় শিবিৰটি। পুৱা ১০ বজাৰপৰা আৰম্ভ হোৱা শিবিৰটো শুভাৰম্ভ কৰে হাতীচোং জিলা পৰিষদৰ সদস্যা সীমাৰেখা ভৰালীয়ে। ৰহমান ফাউণ্ডেচনৰ মেনেজিং ট্ৰাষ্টি নাজমা বেগমে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানত মাজ জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু কোঁৱৰ, আঞ্চলিক সদস্যা বিবি বৰুৱা, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, সমাজকৰ্মী দুলাল বৰা, স্থানীয় শিক্ষক ইমদাদুৰ ৰহমান উপস্থিত থাকে। প্ৰায় শতাধিক চকু ৰোগীক এই শিবিৰত চকু পৰীক্ষা কৰে ভিৱজিঅৰ এণ্ড নিউ হোমৰ নেত্র বিশেষজ্ঞ প্ৰানজিৎ গোস্বামী, হিমানিষ বৰুৱা, আশিষ ফুকন আৰু সংগীতা দাসে। এনে ধৰনৰ মানৱ কল্যাণ মূলক স্বাস্থ্য শিৱিৰ গ্ৰাম্য অঞ্চলত আয়োজন কৰাৰ বাবে স্থানীয় ৰাইজে স্বেচ্চাসেৱী অনুষ্ঠান দুটাৰ শলাগ লৈছে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.