এটা আপোন ঘৰ গঢ়াৰ সপোন সকলোৰে থাকে। কেতিয়াবা আৰ্থিক অনাটন বা অন্য কোনো কাৰণত সেয়া সম্ভৱ হৈ নহয় । তেনে এজন ব্যক্তি হ’ল গোলাঘাটৰ আঠগাঁও মণ্ডলৰ নিবাসী তিলেশ্বৰ শইকীয়া। সমাজ সেৱাকেই জীৱনৰ ব্ৰত হিচাপে লোৱা শইকীয়া আছিল এজন স্বয়ং সেৱক। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত শইকীয়া জীৱনৰ এছোৱা কাল ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সভাপতি আছিল। ব্যক্তিগত সা-সুবিধাৰ প্ৰতি উদাসীন শইকীয়াৰ ঘৰত এদিন উপস্থিত হৈছিল ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ। শইকীয়াৰ জৰাজীৰ্ন ঘৰ দেখি বিষ্ময় আৰু দুখত হতবাক হৈ পৰিল তেতিয়াৰ বিধায়িকা তথা বৰ্তমানৰ বিত্ত মন্ত্ৰী নেওগ। শইকীয়াক প্ৰতিশ্ৰুতি দিলে চৰকাৰী আঁচনিৰে নহয়, নিজৰ দৰমহাৰে গৃহ নিৰ্মাণ কৰি দিব ভাৰতীয় জনতা পাৰ্টিৰ অতি নিষ্ঠাবান কাৰ্যকর্তা তিলেশ্বৰ শইকীয়াক। কথা দিলে কথা ৰখা স্থানীয় বিধায়িকা তথা ৰাজ্যৰ বিত্তমন্ত্ৰীৰ একক প্ৰচেষ্টাত চলিত মাহত সম্পূৰ্ণ হ’ল তিলেশ্বৰ শইকীয়াৰ অসম আৰ্হিৰ গৃহ। আৰু ১৫ আগষ্টৰ দিনাই দুপৰীয়া ফিটা কাটি তিলেশ্বৰ শইকীয়াৰ গৃহ প্ৰৱেশৰ শুভাৰম্ভনি কৰিলে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। নেওগৰ এনে প্ৰচেষ্টাক স্থানীয় ৰাইজৰ লগতে শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি
- ভাৰত চৰকাৰৰ ৰাজহুৱা উদ্যোগ বিভাগৰ উদ্যোগত জালুকবাৰীত উদ্যোগ ৪.০ৰ সম্পৰ্কীয় কৰ্মশালা সম্পন্ন
- ৰেংমা সংৰক্ষিত বনাঞ্চল উচ্ছেদ অভিযানৰ প্ৰথম পৰ্যায় সফলতাৰে সমাপ্ত
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক