মন্ত্ৰী-শীৰ্ষ বিষয়াৰে ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ গুৰুত্বপূৰ্ণ আলোচনা

0 231

সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ আৰু ‘অসম ক্ৰীড়া সাংবাদিক সন্থা’ৰ এটি যুটীয়া প্ৰতিনিধি দলে সোম আৰু মংগলবাৰে জনতা ভৱনত অসমৰ সাংস্কৃতিক তথা ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ সৈতে এক বৈঠকত মিলিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত আলোচনাত ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰি কেতবোৰ ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। আলোচনাকালত মন্ত্ৰী বৰাই ৰাজ্যখনৰ দুয়োটা খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়া আৰু সংস্কৃতিৰ সকলো অংশীদাৰৰ বাবে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ কৰে। সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে এনে আলোচনাত মিলিত হোৱাৰ লগতে সমাধান বিচাৰিবলৈ চেষ্টা কৰিছে। বৈঠকত মন্ত্ৰীগৰাকীয়ে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ বাৰ্ষিক ক্ৰীড়া বঁটা আৰু অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ শিল্পী-সাংবাদিক সমাৰোহ অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি তেওঁ খেলুৱৈসকলৰ লগতে শিল্পীসকলক উৎসাহিত কৰিবলৈ কৰ্পোৰেট খণ্ডৰ অন্তৰ্ভুক্তিৰো পৰামৰ্শ দিয়ে। অসমৰ ক্ৰীড়া আৰু সংস্কৃতিৰ বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশত অসম চৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে। তেওঁ দুয়োটা সাংবাদিক সংগঠনৰ সহযোগত অসম চৰকাৰৰ দ্বাৰা ৰাজ্যখনৰ অখ্যাত ক্ৰীড়া আৰু সাংস্কৃতিক ব্যক্তিৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশতে অনুষ্ঠিত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানলৈ ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক প্ৰেৰণ কৰা আৰু দুয়োটা সন্থাৰ সাংবাদিকসকলক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ দৰে দিশসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি ইতিবাচক সঁহাৰি দিব বুলি আশ্বাস দিয়ে। সোমবাৰৰ বৈঠকত অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সুবোধ মল্লা শৰ্মা, ৰাজকুমাৰ শৰ্মা, ইমতিয়াজ আহমেদ,পাৰ্থ চক্ৰৱৰ্তী, সমৰেন্দ্ৰ শৰ্মা আৰু সাংস্কৃতিক সাংবাদিক সন্থাৰ শিৱাণু বৰা, গোপাল জালান, গৌতম শৰ্মা, মৃণাল কুমাৰ বৰা হেমন্ত শৰ্মা উপস্থিত থাকে।
ইপিনে, মংগলবাৰে সাংস্কৃতিক বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মন্ত্ৰী বিমল বৰাই সাংস্কৃতিক সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে প্ৰায় দুইঘণ্টাজোৰা বৈঠকত মিলিত হয়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি সাংস্কৃতিক সাংবাদিক সন্থাই আগবঢ়োৱা কেতবোৰ পৰামৰ্শ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। শিল্পী পেঞ্চনকে আদি কৰি চৰকাৰী বঁটা-স্বীকৃতিসমূহৰ ক্ষেত্ৰত প্ৰাথমিক আৰু চূড়ান্ত বিচাৰ কমিটিত সন্থাৰ এগৰাকী সদস্যক ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। শিল্পী পেঞ্চনৰ ক্ষেত্ৰত একাংশ বয়সীয়াল জনপ্ৰিয়-খ্যাতনামা শিল্পী বঞ্চিত হ’বলগীয়া হয় কেৱল কঠোৰ চৰকাৰী নীতি তথা নথি-পত্ৰৰ বাবে। সেইসকল শিল্পীক পেঞ্চন পোৱাৰ ক্ষেত্ৰত চৰকাৰী আবেদনৰ পৰা ৰেহাই দি চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা কৰাৰ লগতে এইক্ষেত্ৰত সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি দিয়া পৰামৰ্শত ইতিবাচক সঁহাৰি জনায়। আনহাতে, ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক প্ৰয়াত অচ্যুত লহকৰৰ নামত চৰকাৰী বঁটা ঘোষণা কৰিবলৈ সন্থাই অনুৰোধ জনোৱাৰ লগতে প্ৰথমগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ নায়িকা ৯৪ বৰ্ষীয় অনুপমা ভট্টাচাৰ্যক প্ৰথমে এই বঁটা প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এইক্ষেত্ৰতো তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী বৰাই প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি, সন্থাই আহ্বান জনোৱা ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা আসোঁৱাহ সন্দৰ্ভতো কিছু পৰামৰ্শ আগবঢ়ায় আৰু মংগলবাৰৰ বৈঠকতে ৰাজ্যিক চলচ্চিত্ৰ বঁটা জানুৱাৰীৰ ভিতৰত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কিয়নো বৰ্তমান প্ৰচলিত পৰম্পৰা অনুসৰি পলমকৈ এই বঁটাৰ প্ৰক্রিয়া আৰম্ভ হয় বাবেই ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিয়ে পুৰস্কৃত বিভাগত ৰাজ্যিক চলচ্চিত্ৰ বঁটাত যোগদানৰ পৰা বঞ্চিত হৈ আহিছে। সেয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাতকৈ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ প্ৰক্ৰিয়া আগতে আৰম্ভ কৰিলে শিল্পীসমাজ যোগ্য সন্মানৰ পৰা বঞ্চিত হোৱাৰ সুযোগ নাথাকিব। উল্লেখ্য যে, মংগলবাৰৰ এই বৈঠকত মন্ত্ৰী বিমল বৰাৰ লগতে সাংস্কৃতিক সাংবাদিক সন্থাৰ শিৱাণু বৰা, গৌতম শৰ্মা, হেমন্ত শৰ্মা, গোপাল জালান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অসম চলচ্চিত্ৰ বিত্ত (উন্নয়ন) বিভাগৰ উপাধ্যক্ষ ডাঃ আলেখ্য বৰুৱা, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া উপেন থাপা, ৰাজনৈতিক সচিব হিতেশ চক্ৰৱৰ্তী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.