মহানগৰীৰ দাৰুল উলুম মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ সৈতে অসম ৱাকফ বোর্ডৰ ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক সজাগতামূলক কাৰ্যসূচী

0 235

সমগ্ৰ দেশবাসীয়ে ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে।এইবাৰৰ স্বাধীনতা দিৱসটো আজাদী কা অমৃত মহোৎসৱৰূপে উদযাপন কৰা হৈছে। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰ, কাৰ্যালয় আদি সকলোতে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। সেই আহ্বান মৰ্মে ৰাজ্যত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছে। ইমানেই নহয়, জাতীয় পতাকা উত্তোলনক লৈ ৰাজ্যৰ প্রান্তে প্রান্তে সজাগতামূলক কাৰ্যসূচীও আৰম্ভ হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি আৰু প্ৰধানমন্ত্ৰীৰ আহ্বানক সহাৰি জনাই আজি অসম ৱাকফ বোর্ডৰ উদ্যোগত আৰু মহানগৰীৰ গাড়ীগাঁওৰ দাৰুল উলুম মাদ্ৰাছাৰ সহযোগিতাত তেওঁলোকৰ শিক্ষাৰ্থীসকলক লগত লৈ অসম ৱাকফ বোর্ডে ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক আহ্বানক অধিক প্ৰচাৰৰ বাবে আজি এক সজাগতামূলক কাৰ্যসূচী উলিয়াই। এই সজাগতামূলক কাৰ্যসূচীৰ নেতৃত্বত থাকে অসম ৱাকফ বোর্ডৰ পৰিদৰ্শক জান্নাতুন নাঈয়ুম। তেওঁৰ নেতৃত্বত আৰু দাৰুল উলুম মাদ্ৰাছা আৰু স্থানীয় ৰাইজৰ সহযোগিতাত উলিওৱা সজাগতামূলক কাৰ্যসূচীত শিক্ষাৰ্থীসকলে হাতে হাতে জাতীয় পতাকা লৈ ‘ভাৰত মাতা কি জয়, বন্দে মাতৰম’ ধ্বনিৰে দাৰুল উলুম মাদ্ৰাছাৰ পৰা এক দীঘলীয়া সজাগতামূলক ৰেলী উলিয়াই।এই সন্দৰ্ভত অসম ৱাকফ বোর্ডৰ পৰিদৰ্শক জান্নাতুন নাঈয়ুমে কয়- প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে আজি ঘৰে ঘৰে জাতীয় পতাকা শীৰ্ষক কাৰ্যসূচীৰ অংশ ৰূপে এক সজাগতামূলক কাৰ্যসূচী উলিওৱা হয়। এই সজাগতামূলক কাৰ্যসূচীত দাৰুল উলুম মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে অংশ লৈ আনন্দ প্ৰকাশ কৰে। এই ক্ষেত্ৰত দাৰুল উলুম মাদ্ৰাছা আৰু স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.