মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত শিক্ষাৰ ক্ষেত্ৰত যোগৰ প্ৰাসংগিকতা ‘ শীৰ্ষক বিষয়ত যোৱা ২৭ মাৰ্চ তাৰিখৰ পৰা ২৮ মাৰ্চলৈ দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত অসম যোগৰত্ন সন্মান যোগাচাৰ্য শুভাশীষ ক’ৰলৈ দীৰ্ঘদিন ধৰি উত্তৰ-পূৰ্বঞ্চালৰ বিভিন্ন ক্ষেত্ৰত যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে প্ৰদান কৰা হয় । এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই । যোগাচাৰ্য শুভাশীষ ক’ৰে ১৯৭৮ চনত উমাচল যোগ কেন্দ্ৰত স্বামী শিবানন্দ সৰস্বতীৰ তত্বাবধানত যোগ শিক্ষা গ্ৰহণ কৰি ১৯৭৯ চনত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠা কৰি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত কায়াযোগী ডিপ্লমা, যোগৰ স্নাতকোত্তৰ ডিপ্লমা আদি শিক্ষা প্ৰদান কৰি ইতিমধ্যে যোগ শিক্ষাৰ এক বলিষ্ঠ ভেটি গঢ়ি তুলিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে এই শিক্ষা গ্ৰহণ কৰি বিভিন্ন কেন্দ্ৰীয় বিদ্যালয় আৰু আয়ুস মন্ত্ৰণালয় অধীনত বিভিন্ন পদত মকৰল পাবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে যোগাচাৰ্য শুভাশীষ ক’ৰৰ প্ৰত্যক্ষ উদ্যোগত অসমৰ বিভিন্ন জিলাত ৩৫ খনৰো অধিক যোগ শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিছে ৷ ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষ ক’ৰে ২০০৭ চনতেই আৰম্ভ কৰা অসম যোগ দিৱস উদযাপন আৰু ২০১৫ চনৰ পৰা অসম যোগ মহোৎসৱ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত কৰি প্ৰতিবছৰে এগৰাকী বিশেষ ব্যক্তিক যোগৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ‘ স্বামী শিৱানন্দ সৰস্বতী যোগ প্ৰেৰণা বঁটা’ আৰু যোগৰ পাৰদৰ্শিতা প্ৰসাৰ আৰু প্ৰচাৰ আদি বিষয়ত আগবঢ়োৱা বিশেষ অৰিহণাৰ বাবে বহুজন যোগ সংগঠক, পাৰদৰ্শী আৰু প্ৰচাৰকলৈ যোগ শীৰ্ষক বিভিন্ন বঁটা প্ৰদান কৰি সমগ্ৰ উত্তৰ-পূৰ্বঞ্চালতে যোগৰ এক সুকীয়া বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ অসম যোগৰত্ন সন্মান লাভ কৰা যোগাচাৰ্য শুভাশীষ ক’ৰলৈ বিভিন্ন জন আৰু প্ৰতিষ্ঠানে অভিনন্দন জনাইছে৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি