মহামান্য উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায় দান

0 286

৩মাৰ্চত মহামান্য উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় দানৰ জৰিয়তে বেচৰকাৰী খণ্ডৰ অধীনত পৰিচালিত বিদ্যালয় সমূহে আদায় কৰিব পৰা সৰ্বোচ্চ মাচুল নিৰ্ধাৰণ কৰি দিছে আৰু অসম চৰকাৰলৈ যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে।উল্লেখযোগ্য যে গাপুছৰ হৈ সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মাই ২০১৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰে।এই গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ে উক্ত ৰায় প্ৰদান কৰে।
প্ৰণিধানযোগ্য যে বেচৰকাৰী কিছুমান স্বেচ্ছাচাৰিতা আৰু শোষণৰ বিৰুদ্ধে শিক্ষাৰ্থী তথা অভিভাৱক সকলে সততে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহৰ সমাধানৰ হকে নিৰবিচ্ছিন ভাৱে মাত মাতি অহা গাপুছে বাধ্য হৈ ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল।বহু প্ৰতীক্ষিত উচ্চ ন্যায়ালয়ৰ এই ৰায়ক গাপুছে উষ্ম আদৰণি জনাইছে আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।মহামান্য উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্য চৰকাৰে ইমান বছৰে উপেক্ষা কৰি অহা এই স্পৰ্শকাতৰ বিষয়টোৱে বিশেষ গতি লাভ কৰিবলৈ সক্ষম হয় আৰু চৰকাৰেও সময়োচিত আৰু সমুচিত ব্যৱস্থা গ্ৰহণৰ দিশে অগ্ৰসৰ হয়।অসম চৰকাৰৰ প্ৰতিও গাপুৱে এই সুযোগতে আন্তৰিকতা কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ পায় সন্তোষ ব্যক্ত কৰিছে।
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী চৰকাৰে ইতিমধ্যে এখন শক্তিশালী মাচুল নিয়ামক পৰিষদ আৰু এখন মাচুল পুনৰীক্ষণ পৰিষদ গঠন কৰি দিছে।উল্লেখযোগ্য যে এই পৰিষদৰ উপযুক্ত অনুমতি অবিহনে শিক্ষানুষ্ঠান সমূহে কোনো কাৰণতে মাচুল বৃদ্ধি কৰাৰ অৱকাশ নাথাকিব আৰু অভিভাৱক সকলৰ অভাৱ অভিযোগ সমূহে দাখিল কৰিব পৰাকৈ এই পৰিষদৰ দুৱাৰ মুকলি থাকিব।
সেয়ে ন্যায়ালয়ৰ এই ৰায়ৰ জৰিয়তে অভিভাৱক সমাজে যথেষ্ট সকাহ পাব আৰু উপকৃত হ’ব বুলি গাপুছ বিশ্বাসী। মুনাফা লোভী প্ৰতি সজাগ দৃষ্টি ৰাখিবলৈ গাপুছে অভিভাৱক সমাজক টানি অনুৰোধ জনাইছে। কোনো কাৰণতে যাতে উপযুক্ত ৰচিদ অবিহনে ধন পৰিশোধ কৰা নহয় তাকো সুনিশ্চিত কৰিবলৈ অভিভাৱক সকলক আহ্বান জনাইছে।বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গাপুছে চলাই অহা এই যুঁজ খনত সৰ্বাত্মক সহযোগিতা আগবঢ়োৱাৰ সমূহ শুভাকাংক্ষী আৰু সংবাদ মাধ্যমৰ প্ৰতি গাপুছ কৃতজ্ঞ হৈ থাকিব আৰু অনাগত দিনবোৰতো এনেধৰণৰ সহায় সহযোগিতা গাপুছে আশা কৰিব।ন্যায়ালয়ৰ নিৰ্দেশ আখৰে আখৰে বলবৎ কৰাৰ বাবে চৰকাৰে যাতে তৎপৰ ভূমিকা লয় তাৰ প্ৰতি গাপুছে দৃষ্টি ৰাখিব ।আৰু অভিভাৱক সকলেও সজাগ দৃষ্টি ৰখাটো গাপুছে বাঞ্ছা কৰে।

Leave A Reply

Your email address will not be published.