কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী আৰু কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাংগালোৰত আয়ুষ চিকিৎসাক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে মাংগালোৰত চৰকাৰী জিলা ৱেনলক আয়ুষ চিকিৎসালয় ভৱনৰ শুভ উদ্বোধন কৰে।এই ব্যৱস্থাই জনসাধাৰণক সুলভ আৰু গুণগত স্বাস্থ্যসেৱা লাভ কৰাত সহায় কৰিব বুলি উল্লেখ কৰে।ইয়াত আয়ুষ অ’পিডি (আয়ুৰ্বেদ,যোগ আৰু প্ৰাকৃতিক ৰোগথেৰাপী,য়ুনানী,সিদ্ধ,হোমিঅ’পেথি)আৰু এলোপেথিৰ সফল কাৰ্যকলাপৰ বাবে উন্নত আৰু বিশেষ চিকিৎসা সুবিধা থাকিব।আয়ুষ দক্ষিণ কানাড়া বিভাগৰ অধীনত ৭ খন আয়ুষ ডিচপেনচাৰী আৰু ১০ খন বিচনাযুক্ত আৰু ২৫ খন বিচনাযুক্ত চিকিৎসাৰ ২ খন আয়ুষ চিকিৎসালয় আছে।সকলো চিকিৎসা সুবিধা যুক্ত এই প্ৰতিষ্ঠান সমূহত প্ৰতিদিনে প্ৰায় ১০০০ ৰোগীক বিভিন্ন আয়ুষ চিকিৎসা সেৱা আগবঢ়োৱা হয়।ক’ভিড-১৯ ৰ সময়ত তেওলোকে আগবঢ়োৱা সেৱাৰ সোণোৱালে ভূয়সী প্ৰশংসা কৰে আৰু মানৱ কল্যাণৰ দিশত কাম কৰি যাবলৈ আহ্বান জনায়।দেশৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে আয়ুৰ্বেদিক,যোগ,আৰু নিচাৰ’পেথী, য়ুনানী,হোমিঅ’পেথী,ইত্যাদিৰ প্ৰসাৰৰ ক্ষেত্ৰত আধুনিক আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰি যোৱা বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক সোণোৱালে আহ্বান জনায় আৰু কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সপোনক সৰোগত কৰি আয়ুষক মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাবে আয়ুষ মন্ত্ৰালয়ে ক্ষীপ্ৰতাৰে কাম কৰি আছে।
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY