মাজুলীৰ বিধায়কৰ পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 269

মাজুলীৰ বিধায়কৰ পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই মঙলবাৰে মাজুলীৰ বিধায়কৰ পদ ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।বিধানসভাৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সৰ্বানন্দ সোণোৱালে।উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন কাৰণত খালী হৈ থকা আসনসমূহৰ বাবে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে।অসমত বিধানসভাৰ ৫ সমষ্টিৰ বাবে ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।২ নৱেম্বৰত হ’ব উপনিৰ্বাচনৰ ভোট গণনা।

Leave A Reply

Your email address will not be published.