মাটি পাহাৰকলৈ গবেষণা কৰিলে উদ্ধাৰ হব বহু বুৰঞ্জীৰ তথ্য

0 264

চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিব অসম অৰুণাচল সীমান্তবৰ্ত্তী এলেকাস্থিত মাটি পাহাৰ ৷ নদুৱাৰৰ অন্তৰ্গত উত্তৰ নাগশংকৰ পঞ্চায়তৰ অধিনৰ মনাই-জয়সিদ্ধিৰ নিকটবৰ্ত্তী এই মাটিৰ পাহাৰৰ ওপৰত গৱেষণা কৰিলে বহু ঐতিহ্যৰ সমল উদ্ধাৰ হ`ব বুলি ঠাৱৰ কৰিব পাৰি৷
জনশ্ৰুতি অনুযায়ী ৰজা আৰিমত্তই সৈন্য বাহিনীক ৰাখিবৰ বাবে এই পাহাৰ নিৰ্মাণ কৰিছিল ৷ এই পাহাৰৰ নাম কেনেকৈ কিয় মাটি পাহাৰ হ’ল সেই কথা জনা নেযায় যদিও মাটিৰে পাহাৰ তৈয়াৰ কৰা বাবেই মাটিৰ পাহাৰ বুলি জনশ্ৰুতি চলি আহিছে ৷ ইয়াৰোপৰি পাহাৰটোৰ চাৰিও দিশে অস্ত্ৰ-সস্ত্ৰ গোটাই ৰাখিবলৈ নিৰ্মাণ কৰিছিল চাৰিটাকৈ পুখুৰী ৷ যি আজিও বিৰাজমান ৷ এই পাহাৰটোৰ কাষতে সুদুৰ অৰুণাচলৰ পৰা বিশ্বনাথলৈকে এটা গড়ো ৰজাই নিৰ্মাণ কৰা বিষয়ে তথ্য পোৱা গৈছে ৷ যিটো গড়ৰ নাম ৰাজ গড় বুলি পৰিচিত ৷ সম্প্ৰতি গড়টো লুপ্ত যদিও ঠায়ে ঠায়ে বিৰাজমান ৷ সম্প্ৰতি ইতিহাস জৰিত এই পাহাৰটো জহি খহি যোৱাৰ উপক্ৰম ঘটিছে ৷ স্থানীয় ৰাইজে পাহাৰটো সম্পূৰ্ণৰূপে সজাই পৰাই পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ বাবে আহ্বান জনাইছে ৷ তেজপুৰৰ অগ্নিগড়, ঔগুৰি পাহাৰৰ লেখিয়াকৈ পুৰাতত্ব বিভাগে পাহাৰটো সংৰক্ষণ কৰি পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিলে চৰকাৰে যথেষ্ঠ ৰাজহ লাভৰ সম্ভৱনা আছে বুলি কৰে স্থানীয় সচেতন মহলে মতপ্ৰকাশ কৰিছে৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.