বিষাক্ত সুৰা সেৱন কৰি গোলাঘাট আৰু যোৰহাটৰ ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাছত চৰ্চালৈ আহিছে যোৰহাটৰ মৰিয়নিৰ এজন ব্যক্তিৰ নাম। এখন সুৰা মুক্ত, সুন্দৰ, সুস্থ সৱল সমাজ গঢ় দিয়াৰ লক্ষ্যৰে যোৰহাট চেলেংহাটৰ এজন ব্যক্তিয়ে নীৰৱে চলাই আহিছে এই অভিযান, এই ব্যক্তিজন হ’লে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এজন শৰীৰ চৰ্চাবিদ। নাম তুষাৰ পাল। ২০১২ চনৰ পৰাই সুন্দৰ, সুস্থ -সৱল এখন সমাজ গঢ় দিয়াৰ লক্ষ্যত আত্মনিয়োগ কৰি তুষাৰ পালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সুৰাৰ বিৰুদ্ধে নীৰৱে অভিযান চলাই আহিছে। নৱপ্ৰজন্মক স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ বাবে আৰু সুৰামুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে ২০১৫ চনত এই ব্যক্তি গৰাকীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ একক ভাৱে সম্পন্ন কৰিছিল চাইকেল ৰেলী। যোৰহাট জিলাৰ চেলেংহাট নামচেচুৰ বাসিন্দা তুষাৰ পাল বৃত্তিত এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক। কিন্তুু সমাজৰ দহ জন ব্যক্তিৰ দৰে মাত্ৰ নিজ কৰ্ম আৰু ধন উপাৰ্জনতে ব্ৰতী নাথাকি সমাজৰ হিতৰ বাবে কেইবা দশক ধৰি কাম কৰি আহিছে তুষাৰ পালে। ইতিমধ্যে তুষাৰ পালে আসাম প্ৰেছ ক’ৰেচপ্ৰণ্ডেন্টছ ইউনিয়ন চমুকৈ (আপকু)ৰ সহযোগত সুৰা আৰু ড্ৰাগছৰ বিৰোধে সমগ্ৰ অসমতে সজাগতা অনাৰ প্ৰচেষ্টা গ্ৰহণ কৰি ৰাইজৰ মাজত ২০ হাজাৰ লিফ লেট বিতৰণ কৰা লগতে ধুবুৰীৰ পৰা শদিয়ালৈ ১৫ হাজাৰৰো অধিক গণ স্বাক্ষৰ গ্ৰহণ কৰি ২০১৭ চনত ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল। আনহাতে তুষাৰ পালে বিভিন্ন গাঁও আৰু বাগিছাত মাদক দ্ৰব্যৰ বিৰোধে যুঁজ দি আৰম্ভ কৰিছিল “নিচা মুক্তি” নামৰ এক অভিযান। তুষাৰ পালে নিজা খৰচত বিভিন্ন স্থানত সজাগতা সভা, ৰেলী, বক্তৃতা প্ৰতিযোগিতা, বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজক ৰাগীয়াল দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰি আহিছে। আনহাতে গাঁও আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তুষাৰ পালে বিনামূলীয়াকৈ যোগ প্ৰণায়মৰ বিশেষ প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰি বহু লোকক ৰাগিয়াল দ্ৰব্যৰ কৱলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে। ৰাগীয়াল দ্ৰব্যৰ কুপ্ৰভাৱৰ ওপৰত তুষাৰ পালৰ নিজৰ কাহিনী আৰু পৰিচালনাত “ঘাটক” আৰু “পিকনিক” নামেৰে দুখন ছুটী ছবি নিৰ্মাণ কৰি ৰাইজৰ মাজত সচেতনতা আনিবৰ বাবে বিভিন্ন স্থানত ছবিখন প্ৰদৰ্শন কৰি আহিছে। তুষাৰ পালে ২০১৮ চনৰ ২ ফেব্ৰুৱাৰীত গুজৰাত, বিহাৰকে ধৰি সুৰা নিষিদ্ধ ৰাজ্যসমূহৰ দৰে অসমকো সুৰা নিষিদ্ধ ৰাজ্য ঘোষণা কৰাৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিছিল। সেই চিঠিৰ প্ৰত্যুত্তৰো আহিল মোডীৰ কাৰ্য্যালয়ৰ পৰা। সুৰাৰ প্ৰচলন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দি অসম চৰকাৰক এই বিষয়ত গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনাব বুলি প্ৰধামন্ত্ৰীৰ পৰা আশ্বাস লাভ কৰিছিল তুষাৰ পালে। কিন্তু কাৰ্যত অসম চৰকাৰে গাঁও তথা চাহ বাগিছাৰ অলিয়ে গলিয়ে চলি থকা অবৈধ সুৰাৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰা বাবেই বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকে মৃত্যুক আঁকোৱালি ল’লে বুলি ক্ষোভ প্ৰকাশ কৰে তুষাৰ পালে।আনহাতে নিজৰ আৰ্জিত অধিকাংশ ধন আৰু সময় এখন সুন্দৰ, সুস্থ সৱল সমাজ গঢ় দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা নিচা মুক্তি অভিযানত ব্যয় কৰি আহিছে তুষাৰ পালে। চৰকাৰ তথা সমাজৰ সকলো স্তৰৰ লোকৰ যথোচিত সহায় সহযোগ লাভ কৰিলে তুষাৰ পালৰ নিচা মুক্তি অভিযানে এদিন নিশ্চয়কৈ সাৰ্থক ৰূপ লাভ কৰিব। খবৰ যুগুতালে মৰিয়নিৰপৰা জ্যোতি প্ৰসাদ গগৈয়ে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা