দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ৮ দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ পঞ্জীয়নভূক্ত বয়োজ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তি সকলক জীৱন যাপনৰ বাবে বিনামুলীয়াকৈ সা- সজুলি প্ৰদানৰ বাবে শাৰীৰিক পৰীক্ষাৰ শিবিৰৰ আয়োজন কৰা হৈছে ।উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত আৰু ALIMCO ৰ সহযোগত ৮ দিনীয়া কাৰ্যসূচীৰে জিলাখনত ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ অধীনত এই শাৰীৰিক পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছে । এই ৮ দিনীয়া কাৰ্যসূচীৰ ভিতৰত মানকাচৰ মহাবিদ্যালয়ত তিনি দিনলৈ শাৰীৰিক পৰীক্ষা শিবিৰ অনুষ্ঠিত হোৱাৰ পাছত অহা ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ শালমাৰা মহাবিদ্যালয়তো অঞ্চলটোৰ পঞ্জীয়নভূক্ত বয়োজ্যেষ্ঠ আৰু দিব্যাংগ ব্যক্তি সকলৰ শাৰীৰিক পৰীক্ষা কৰা হব । একেদৰে অহা ২৭, ২৮, ২৯ আৰু ৩০ অক্টোবৰত চাৰিদিনীয়া কাৰ্যসূচীৰে জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয়তো শাৰীৰিক পৰীক্ষা শিবিৰ অনুষ্ঠিত হোৱাৰ পাছত ৮ দিনীয়া কাৰ্যসূচীৰ সামৰনি পৰিব ।ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আচনিৰ অধীনত স্থানীয় সমুহীয়া গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চিএছচিৰ জৰিয়তে ৬০ বছৰৰ উৰ্ধ্বৰ বয়োজ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তি সকলৰ শাৰীৰিক পৰীক্ষা সাপেক্ষে জীৱন যাপনৰ সুবিধাৰ্থে যথাযোগ্য সা-সুঁজুলি বিনামুলীয়াকৈ যোগান ধৰাৰ বাবে এই শাৰীৰিক পৰীক্ষাৰ আয়োজন কৰা হৈছে। চিএছচিৰ জৰিয়তে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰা ব্যক্তি সকলকহে পঞ্জীয়ন নম্বৰ সহ জিলা প্ৰশাসনে জাৰি কৰা সূচী অনুসৰি নিৰ্দিষ্ট তাৰিখ আৰু স্থানত যথা সময়ত শাৰীৰিক পৰীক্ষাৰ বাবে উপস্থিত থাকিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে।তদুপৰি যি সকল দিব্যাংগ ব্যক্তিয়ে আগতীয়াকৈ চিএছচিৰ জৰিয়তে নাম পঞ্জীয়ন কৰা নাই তেখেত সকল নিজৰ পৰিচয়পত্ৰ আৰু পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ সহ অহা ৩০ অক্টোবৰ তাৰিখে হাটশিঙিমাৰী মহাবিদ্যালয়ত দিনৰ ৯ বজাৰ পৰা ৪ বজালৈ নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে শাৰীৰিক পৰীক্ষা কৰাৰ সুবিধা লাভ কৰিব বুলি জিলা অতিৰিক্ত উপায়ুক্ত লক্ষ্মী কুটুমে জানিবলৈ দিয়ে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী