অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যখনৰ পৰা উদ্যান শস্য আৰু ফল মূল জাতীয় সা সামগ্রী দেশ বিদেশলৈ ৰপ্তানী কৰাৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলে বিশেষ ব্যৱস্থা কৰিছে।এই ব্যৱস্থাৰ অংশ হিচাপে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ চৌহদৰ সমীপত অসম উদ্যোগীক উন্নয়ন নিগমৰ সহযোগত এ এ আয়ে নিমার্ণ কৰা কাৰ্গোটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।সকলো ঠিকে ঠাকে থাকিলে অহা মাৰ্চ মাহৰ ভিতৰত কাৰ্গোটো মুকলি হোৱাৰ লগতে বিমানেৰে শীক পাচলি,ফল মূল,উদ্যান শস্য জাতীয় সামগ্রী ৰপ্তানী কৰা হ’ব।আনহাতে ২৪ জানুৱাৰীত এ এ অাইৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল,গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ,এ এ আই চি এল এচৰ উপ মহাপ্ৰৱন্ধক এন বামা আৰু এ আই ডি চিৰ কেবাগৰাকী শীৰ্ষ বিষয়াই নিৰ্মাণ প্ৰায় সম্পূর্ণ হোৱা কাৰ্গো ক্ষেত্র চৌহদ পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে কাৰ্গো চৌহদৰ কাৰ্গো নিৰ্মাণৰ লগত জড়িত বিষয়া অভিযন্তা সকলক নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য বিগত ২০১৯ বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কাৰ্গো কেন্দ্রটোৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিছিল।প্ৰায় ৪,০৫০ বৰ্গমিটাৰ মাটিকালিৰে আবৃত চৌহদটোত এ এ আয়ে কাৰ্গো নিৰ্মাণ কৰাৰ বাবে ২০১৭ চনতে এ আই ডি চি ক বছৰি মাত্র এটকা ৰাজহৰ বিনিময়ত লীজ দিছে।প্ৰায় ২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দহ হাজাৰ মেট্ৰিক টন সামগ্রী সৰবৰাহ হ’লে ৰাজ্যৰ কৃষক সকল উপকৃত হোৱাৰ লগতে কৃষি ক্ষেত্রত ইতিবাচক প্ৰভাৱ পৰিব বুলি ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে আশা ব্যক্ত কৰিছে।ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও প্ৰয়োজনীয় সহায় লাভ কৰা হৈছে।
Trending
- ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ গুৱাহাটী কাৰ্যালয়ত পালন কৰা হ’ল ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস
- কামৰূপ (ম) জিলা প্ৰশাসনৰ আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland