মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 250

ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ সুদীৰ্ঘ কালযোৱা স্বঅধিকাৰ প্ৰাপ্তিৰ সংগ্ৰামৰ পৰিণতিত গঠিত মিচিং স্বায়ত্ব শাসিত পৰিষদখনে সফলতাৰ ২৬ টা গৌৰৱপূৰ্ণ বর্ষত ভৰি দিলে।
জনগোষ্ঠীয় ৰাইজ আৰু জাতীয় সংগঠন সমূহৰ ধাৰাবাহিক গণতান্ত্ৰিক সংগ্ৰামৰ পৰিণতিত ১৯৯৫ চনৰ ১৪ জুনত প্ৰতিষ্ঠা হোৱা মিচিং স্বায়ত্ব শাসিত পৰিষদখনৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অতিমাৰী ক’ভিড ১৯ৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠুপীয়া ভাৱে উদযাপন কৰা হয় ৷ কালি ১৪ জুনত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ধেমাজি জিলাৰ গোগামুখত অৱস্থিত সচিবালয় প্ৰাংগণত অনুষ্ঠুপিয়াকৈ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সচিবালয়ত কেক কাটি পৰিষদখনৰ বিগত কালৰ জন দায়বদ্ধতাপূৰ্ণ কৰ্মআঁচনি সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়,লগতে ইয়াৰ সতে সংপৃক্ত মধুৰ স্মৃতিৰ ৰোমন্থন কৰে। পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, প্ৰশান্ত কুমাৰ বড়ি, ভৱানী দুৱৰা, সাধাৰণ সদস্য ৰাজু পেগু, সুধীৰ মৰাং , পৰিষদৰ প্ৰধান সচিব প্ৰফুল্ল কুমাৰ দেউৰী, বিশেষ কৰ্তব্যৰত বিষয়া (OSD) ডাঃ অনিল কুমাৰ পেগু, গাণনিক বিষয়া প্ৰভাত সোণোৱালৰ লগতে বহুকেইগৰাকী পৰিষদৰ কৰ্মচাৰীও উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ১৯৯৫ চনত তদৰ্থ ভিত্তিত পৰিষদ গঠনেৰে শুভাৰম্ভ হোৱা স্বাধীকাৰ প্ৰাপ্তিৰ প্ৰাৰম্ভিক খোজৰ পৰা পৰিষদীয় গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে গঠন হোৱা পৰিষদৰ এই বৰ্ণিল যাত্ৰাত উপলব্ধ ভিন্ন স্বাদৰ অভিজ্ঞতাপূৰ্ণ স্মৃতি ৰোমন্থন কৰে অধ্যক্ষ পেগু ,মুখ্য কাৰ্যবাহী সদস্য চায়েঙিয়ায়ে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত স্বজাতিৰ স্বাধীকাৰ আজুৰি অনা গণতান্ত্ৰিক সংগ্ৰামখনত আত্মাহুটি দিয়া জাতীয় শ্বহীদ সকলৰ মহৎ ত্যাগৰ গুণানুকীৰ্তন কৰি শ্রদ্ধাঞ্জলি জনোৱা হয়। পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত
স্বায়ত্ব শাসিত পৰিষদৰ প্ৰথম গৰাকী গণতান্ত্ৰিক ভাবে নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰিছে। মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিন কেবাং , মিচিং মিমাগ কেবাং , টাকাম মিচিং মিমে কেবাং , সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি সমূহে পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষত শুভেচ্ছা জ্ঞাপন কৰি আহিবলগীয়া সময়ত নৃগোষ্ঠীয় ৰাইজৰ লগতে সমগ্ৰ পৰিষদীয় এলেকাৰ আৰ্থ সামাজিক ,শৈক্ষিক , সাংস্কৃতিক,কৃষি ক্ষেত্ৰৰ সৰ্বাংগীন উৎকৰ্ষ সাধনৰ লগতে এখন প্ৰগতিশীল সমাজ গঠনৰ বাবে পৰিষদে যথোচিত গুৰুত্ব প্ৰদান কৰাৰ পোষকতা কৰে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.