কৰ্মই ধৰ্ম। এনে এক কৰ্মৰ এক নিদৰ্শন দাঙি ধৰিলে পলাশবাৰী সমষ্টিৰ সৰপাৰাৰ যুৱক প্ৰদীপ দাসে। দাসে সংবাদ জগত খনত জড়িত থকাৰ উপৰিও নিজাকৈ কিবা এটা কৰাৰ প্ৰচেষ্টা হাতত লৈ দক্ষিণ কামৰূপৰ ব্যৱসায়ীক নগৰ মিৰ্জাত এখন অত্যাধুনিক ‘আই কনিক হেয়াৰ এণ্ড বিউটি চেলুন’ আজি মুকলি কৰে। সাংবাদিক নীৰেন চন্দ্ৰ মালী আঁতধৰা অনুষ্ঠানটোত যোৱা ১৫ ডিচেম্বৰত অত্যাধুনিক চেলুনখন আনুষ্ঠানিকভাৱে মুকলি কৰি বিশিষ্ট যুৱ সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যই। মুকলি কৰি বৈশ্যই চেলুনখনৰ স্বত্বাধিকাৰী দাসক প্ৰেৰণা যোগোৱাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি কৌশিক তালুকদাৰৰ, সাংবাদিক ৰতন কলিতা, হিতেন মালী, হিতেশ কলিতা, বিশ্বজিৎ দাস, গিৰীন্দ্ৰ কলিতাসহ অঞ্চলটোৰ বহুকেইজন সাংবাদিক তথা সংবাদকৰ্মী উপস্থিত থাকে। উল্লেখ্য যে, আই কনিক হেয়াৰ এণ্ড বিউটি চেলুনখনত সৰু ল’ৰা-ছোৱালীকে ধৰি পুৰুষ-মহিলাই নিজ ইচ্ছা অনুযায়ী চুলি কাটিব বা ষ্টাইল বনাব পাৰিব।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন