চকুত অযুত সপোন, বুকুত অদম্য সাহস, মনত প্ৰবল আত্মবিশ্বাসেৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ বৰিহাটৰ হাটখোৱাপাৰা নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাসে নিজ গৃহৰ পৰা নিজৰ একক তথা ঐকান্তিক প্ৰচেষ্টাৰে লাডাখলৈ খোজ কাঢ়ি যাবলৈ বুলি সম্পূর্ণভাৱে সাজু হৈছে। প্ৰায় ২,৮০০ কিলোমিটাৰ দূৰত্বত থকা ভাৰত-চীন সীমান্তবৰ্তী লাডাখলৈ খোজ কাঢ়ি যাব খোজা অঞ্জলি দাসে হৈছে অসম তথা উত্তৰ-পূৱৰ প্ৰথম গৰাকী মহিলা। অতুলনীয় সাহসী নাৰী অঞ্জলি দাসে যাত্রা কৰিব অহা ১৩ আগষ্টৰ পুৱা। ২০২০ চনত ২০০০ মিটাৰ দৌৰি পুৰষ্কাৰ লভা অঞ্জলিয়ে উক্ত বৰ্ষতে “MTS STEEPLE CHASE” শীর্ষক প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰে। তেওঁ ভিন ভিন সময়ত মাৰাথান দৌৰ, কাবাডি, চাইক্লিঙকে ধৰি বিভিন্ন খেলত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্রহণ কৰি সুনাম অর্জন কৰিছিল। খেলুৱৈ গৰাকীয়ে জানিব দিয়া মতে- প্ৰতিদিনে নিতৌ ২০-২৫ কিলোমিটাৰ দৌৰৰ উপৰি ৩-৪ ঘন্টা চাইক্লিঙৰ লগতে বিভিন্ন ধৰণৰ অনুশীলন অব্যাহত ৰাখিছে। “মিছন ফিট ইণ্ডিয়া” উদ্দেশ্য আগত ৰাখি যাত্রা কৰিবলগীয়া অঞ্জলি দাসে এই দীঘলীয়া যাত্রাত তেওঁৰ একমাত্র পুত্র অঞ্জনজ্যোতি দাস আৰু নিবাৰণ দাস নামৰ যুৱক এজনেও যাৱতীয় সহায়ক হিচাপে থাকিব। তেওঁ প্ৰতিদিনে ৫০ কিলোমিটাৰ খোজ কঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি ৰাজ্যৰ সমন্বয়-সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) আৰু দক্ষিণ কামৰূপ সচেতন মঞ্চই যুটীয়া ভাৱে সম্বৰ্দ্ধনা জনায়। বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মা, সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, কাৰ্যনিৰ্বাহ সদস্য বিমল নাথ, ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত যোৱা এটি দলে দলৰ সম্বৰ্দ্ধনা গ্রহণ কৰি দু:সাহসীকতা ক্ৰীড়াৰ স’তে জড়িত অঞ্জলি দাসে কয়- যি কোনো উপায়েৰে নহওক কিয়, মই এইবাৰ লাডাখত খোজ দিমেই। কোনোৱেও বাধা দি ৰাখিব নোৱাৰে। মই সম্পূর্ণ সাজু। সমস্ত ধুমুহা, বাধা-বিঘিনিক হেলাৰঙে বশ কৰিবৰ বাবে সাজু। মাথোঁ লাগে ৰাইজৰ আশীর্বাদ।” বহুবাকৰ প্ৰধান সম্পাদক তথা লেখক, সাংবাদিক দীপক শৰ্মাই কয়- ক্ৰীড়াবিদ অঞ্জলি দাসৰ আশা বাস্তৱ হওঁক। এগৰাকী নাৰী হিচাপে তেওঁৰ প্ৰবল সাহস, আত্মবিশ্বাস অতি মাধুৰ্য। ৰাজ্য চৰকাৰে এই ক্ষেত্রত যথোচিত ধৰণেৰে গুৰুত্ব দিব।” সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- অঞ্জলি দাসক আমি আগবঢ়াই নিব লাগিব। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী, ক্ৰীড়া মন্ত্রী, ক্ৰীড়া বিভাগে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে। দক্ষিণ কামৰূপ কোচ-ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাসে কয়- অদম্য সাহসেৰে অঞ্জলি দাসে লাডাখত খোজ কাঢ়ি গৈ যথাস্থানত উপস্থিত হ’ব লাগে।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth