চকুত অযুত সপোন, বুকুত অদম্য সাহস, মনত প্ৰবল আত্মবিশ্বাসেৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ বৰিহাটৰ হাটখোৱাপাৰা নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাসে নিজ গৃহৰ পৰা নিজৰ একক তথা ঐকান্তিক প্ৰচেষ্টাৰে লাডাখলৈ খোজ কাঢ়ি যাবলৈ বুলি সম্পূর্ণভাৱে সাজু হৈছে। প্ৰায় ২,৮০০ কিলোমিটাৰ দূৰত্বত থকা ভাৰত-চীন সীমান্তবৰ্তী লাডাখলৈ খোজ কাঢ়ি যাব খোজা অঞ্জলি দাসে হৈছে অসম তথা উত্তৰ-পূৱৰ প্ৰথম গৰাকী মহিলা। অতুলনীয় সাহসী নাৰী অঞ্জলি দাসে যাত্রা কৰিব অহা ১৩ আগষ্টৰ পুৱা। ২০২০ চনত ২০০০ মিটাৰ দৌৰি পুৰষ্কাৰ লভা অঞ্জলিয়ে উক্ত বৰ্ষতে “MTS STEEPLE CHASE” শীর্ষক প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক অৰ্জন কৰে। তেওঁ ভিন ভিন সময়ত মাৰাথান দৌৰ, কাবাডি, চাইক্লিঙকে ধৰি বিভিন্ন খেলত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্রহণ কৰি সুনাম অর্জন কৰিছিল। খেলুৱৈ গৰাকীয়ে জানিব দিয়া মতে- প্ৰতিদিনে নিতৌ ২০-২৫ কিলোমিটাৰ দৌৰৰ উপৰি ৩-৪ ঘন্টা চাইক্লিঙৰ লগতে বিভিন্ন ধৰণৰ অনুশীলন অব্যাহত ৰাখিছে। “মিছন ফিট ইণ্ডিয়া” উদ্দেশ্য আগত ৰাখি যাত্রা কৰিবলগীয়া অঞ্জলি দাসে এই দীঘলীয়া যাত্রাত তেওঁৰ একমাত্র পুত্র অঞ্জনজ্যোতি দাস আৰু নিবাৰণ দাস নামৰ যুৱক এজনেও যাৱতীয় সহায়ক হিচাপে থাকিব। তেওঁ প্ৰতিদিনে ৫০ কিলোমিটাৰ খোজ কঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি ৰাজ্যৰ সমন্বয়-সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) আৰু দক্ষিণ কামৰূপ সচেতন মঞ্চই যুটীয়া ভাৱে সম্বৰ্দ্ধনা জনায়। বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মা, সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, কাৰ্যনিৰ্বাহ সদস্য বিমল নাথ, ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্বত যোৱা এটি দলে দলৰ সম্বৰ্দ্ধনা গ্রহণ কৰি দু:সাহসীকতা ক্ৰীড়াৰ স’তে জড়িত অঞ্জলি দাসে কয়- যি কোনো উপায়েৰে নহওক কিয়, মই এইবাৰ লাডাখত খোজ দিমেই। কোনোৱেও বাধা দি ৰাখিব নোৱাৰে। মই সম্পূর্ণ সাজু। সমস্ত ধুমুহা, বাধা-বিঘিনিক হেলাৰঙে বশ কৰিবৰ বাবে সাজু। মাথোঁ লাগে ৰাইজৰ আশীর্বাদ।” বহুবাকৰ প্ৰধান সম্পাদক তথা লেখক, সাংবাদিক দীপক শৰ্মাই কয়- ক্ৰীড়াবিদ অঞ্জলি দাসৰ আশা বাস্তৱ হওঁক। এগৰাকী নাৰী হিচাপে তেওঁৰ প্ৰবল সাহস, আত্মবিশ্বাস অতি মাধুৰ্য। ৰাজ্য চৰকাৰে এই ক্ষেত্রত যথোচিত ধৰণেৰে গুৰুত্ব দিব।” সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- অঞ্জলি দাসক আমি আগবঢ়াই নিব লাগিব। ৰাজ্যৰ মাননীয় মুখ্যমন্ত্রী, ক্ৰীড়া মন্ত্রী, ক্ৰীড়া বিভাগে সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে। দক্ষিণ কামৰূপ কোচ-ৰাজবংশী যুৱ ছাত্র সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাসে কয়- অদম্য সাহসেৰে অঞ্জলি দাসে লাডাখত খোজ কাঢ়ি গৈ যথাস্থানত উপস্থিত হ’ব লাগে।
Trending
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach