মুক্তিযোদ্ধাৰ ৰাজ্যিক উপদেষ্টা পৰিষদৰ বৈঠক সম্পন্ন

0 189


ৰাজ্যখনৰ মুক্তিযোদ্ধা সকলৰ বাবে গঠিত ৰাজ্যিক উপদেষ্টা পৰিষদৰ বৈঠক এখন ১৮ ছেপ্টেম্বৰত প্ৰশাসনীয় প্ৰদাধিকাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠক খনত মুক্তি যোদ্ধা পৰিষদে এতিয়ালৈ লাভ কৰে ১১৭টা প্ৰস্তাৱৰ ৭৯ টা প্ৰস্তাৱ অনুমোদন কৰা হয়। আনহাতে বাকী ৩৮ টা প্ৰস্তাৱ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ কয়। আনহাতে আজিৰ বৈঠকত মুক্তি যোদ্ধা সকলৰ পেঞ্চন বৃদ্ধি কৰা হ’ব বুলিও কয়। আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বিত্ত বিভাগৰ আয়ুক্ত সচিব সমীৰ সিনহাৰ লগতে বিভিন্নজন চৰকাৰী বিষয়াৰ উপৰিও মুক্তি যোদ্ধা সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.