কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ মুদুকী আঞ্চলিক জনজাতীয় হাইস্কুলৰ সোণালী জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ ১৯৭২ চনত স্থাপিত শিক্ষা প্ৰতিষ্ঠান খনৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ উদযাপন সমিতিৰ সভাপতি দেৱজিত নাফাই আঁতধৰা অনুষ্ঠানটিত নিজ বক্তব্যত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে – শিক্ষা অবিহনে কোনো জাতি বা অঞ্চল এটা কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৷ মানৱ সম্পদ গঢ়া উক্ত মহান প্ৰতিষ্ঠান খনৰ এই দীঘলীয়া যাত্ৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সেয়ে এই পবিত্ৰ অনুষ্ঠানটিৰ উত্তৰণৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে সোণালী জয়ন্তীৰ মূল তোৰণকে ধৰি স্মৃতিগ্ৰন্থ প্ৰকাশলৈ এঘাৰ লাখ পঞ্চাশ হেজাৰ আৰ্থিক সাহায্য ঘোষণা কৰে টংকেশ্বৰ ৰাভাই ৷ উল্লেখ্য যে- ২০২২ বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষক নলিনী কুমাৰ ৰাভাকে ধৰি বৰ্তমানৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল ৷ আনহাতে, উক্ত সোণালী জয়ন্তী উদযাপনৰ বাবে দেৱজিত নাফাক সভাপতি আৰু গোপীনাথ ৰাভাক সম্পাদক হিচাপে লৈ ২০ খন উপ – সমিতি সহ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে ৷ তেনেক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান খনৰ সোণালী জয়ন্তীৰ সকলো কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ৷
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে