কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ মুদুকী আঞ্চলিক জনজাতীয় হাইস্কুলৰ সোণালী জয়ন্তীৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ ১৯৭২ চনত স্থাপিত শিক্ষা প্ৰতিষ্ঠান খনৰ সোণালী জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷ উদযাপন সমিতিৰ সভাপতি দেৱজিত নাফাই আঁতধৰা অনুষ্ঠানটিত নিজ বক্তব্যত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে – শিক্ষা অবিহনে কোনো জাতি বা অঞ্চল এটা কেতিয়াও আগবাঢ়ি যাব নোৱাৰে ৷ মানৱ সম্পদ গঢ়া উক্ত মহান প্ৰতিষ্ঠান খনৰ এই দীঘলীয়া যাত্ৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ সেয়ে এই পবিত্ৰ অনুষ্ঠানটিৰ উত্তৰণৰ বাবে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে সোণালী জয়ন্তীৰ মূল তোৰণকে ধৰি স্মৃতিগ্ৰন্থ প্ৰকাশলৈ এঘাৰ লাখ পঞ্চাশ হেজাৰ আৰ্থিক সাহায্য ঘোষণা কৰে টংকেশ্বৰ ৰাভাই ৷ উল্লেখ্য যে- ২০২২ বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তীৰ লাইখুঁটা স্থাপন অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰাক্তন প্ৰধান শিক্ষক নলিনী কুমাৰ ৰাভাকে ধৰি বৰ্তমানৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত আছিল ৷ আনহাতে, উক্ত সোণালী জয়ন্তী উদযাপনৰ বাবে দেৱজিত নাফাক সভাপতি আৰু গোপীনাথ ৰাভাক সম্পাদক হিচাপে লৈ ২০ খন উপ – সমিতি সহ এখন পৰিচালনা সমিতি গঠন কৰা হৈছে ৷ তেনেক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান খনৰ সোণালী জয়ন্তীৰ সকলো কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ৷
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি