ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান যোজনাৰ অধীনত পলাশবাৰীৰ ৰামপুৰ কৃষি উন্নয়ন চক্ৰত আজি কামৰূপ জিলা পৰ্যায়ত অনুমোদিত হিতাধিকাৰীসকলৰ মাজত ৰবি শস্য সৰিয়হ, মাকৈ আৰু মটৰৰ বীজ বিতৰণ হয়। কৃষি উন্নয়ন বিষয়া গিৰীন্দ্ৰ কুমাৰ শৰ্মা, কৃষি উন্নয়ন সহায়ক লংকেশ্বৰ কলিতা, দক্ষিণ কামৰূপ জিলা কিষাণ মৰ্চাৰ সভাপতি মাণিক সিংহ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত চাৰি কুইণ্টল সৰিয়হ, আঠ কুইণ্টল মটৰ আৰু ন কুইণ্টল মাকৈ কৃষক হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰি দিয়ে। পলাশবাৰীৰ ৰামপুৰ চক্ৰৰ অন্তৰ্গত কৃষকসকলৰ বেছিভাগেই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অথবা বালি চাপৰিত ৰবি শস্যৰ খেতি কৰি আহিছে। তেনে ক্ষেত্ৰত চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰা এই ৰবি শস্যৰ বীজে কৃষকসকলক যথেষ্ট উপকৃত হ’ব বুলি কৃষকসকলে মন্তব্য কৰে।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী