লখিমপুৰ জিলা ৰেচম বিষয়া সন্থাৰ ঢকুৱাখনা মুগা সঁচ উন্নয়ন প্ৰকল্পত  ৫ শতাধিক চুম পুলি ৰোপণ

0 235

মুগা খেতিৰ প্ৰাণ প্ৰাচুৰ্য ক্ষেত্ৰ স্বৰূপ ঢকুৱাখনা মহকুমাৰ চহা ৰেচম পালক সকলৰ উপকৃতাৰ্থে ঢকুৱাখনা নগৰৰ মধ্য স্থলত ২১৩ বিঘা ভূমিত ১৯৮৪ চনতে চৰকাৰী ভাবে প্ৰতিষ্ঠা হোৱা ঢকুৱাখনা ৰেচম গৱেষণা প্ৰকল্পৰ উৰ্বৰা ভূমিত সোমবাৰে একাংশ ৰেচম বিষয়াৰ ব্যক্তিগত উদ্যোগত পাঁচ শতাধিক চুমগছৰ পুলি ৰোপণ কৰা হয় । লখিমপুৰ জিলা ৰেচম বিভাগৰ সহকাৰী ৰেচম সঞ্চালক  কিশোৰ শৰ্মা বৰদলৈয়ে ঢকুৱাখনা ৰেচম অধীক্ষক অধীক্ষক  যতীন তালুকদাৰ,সদৌ অসম ৰেচম বিষয়া সন্থাৰ উপ সভাপতি জিতেন ভৰালী , জিলা সন্থাৰ কাৰ্যকৰী সভাপতি ৰঞ্জন দত্ত ,উপ সভাপতি প্ৰেমানন্দ দত্ত , প্ৰাক্তন সম্পাদক পবিত্ৰ সন্দিকৈ,লখিমপুৰ জিলা সন্থাৰ সম্পাদক ভৱানী দত্ত , ঢকুৱাখনা ৰেচম পাম পৰিচালক বনশ্ৰী দত্ত ফুকনৰ  লগতে জিলা খনৰ ১৫ খন ৰেচম পামৰ পৰিদর্শক সকলৰ সহযোগিতাত ব্যক্তিগত পুঁজি ব্যয়ৰে ৫ শতাধিক চুম গছৰ পুলি ৰোপণ কৰি এহাতে ৰেচম পালন আৰু অন্যহাতে প্ৰকৃতি সংৰক্ষণৰ অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰে।  জিলাখনৰ  ৰেচম বিভাগৰ সহকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনৰ সমূহ  বিষয়াৰ অংশ গ্ৰহণেৰে পুৱা বেলা মুগা পামখনৰ আৱাদি ভূমি উৰ্বৰ কৰি প্ৰস্তুত কৰা গাঁতত সহকাৰী ৰেচম  সঞ্চালক শৰ্মা বৰদলৈৰ নেতৃত্বত সমূহ বিষয়াই  ৫ শতাধিক চুম গছৰ পুলি ৰুই পানী দি পৰৱৰ্তী সময়ত আপদালৰ বাবে ঢকুৱাখনা মুগা পামক অৰ্পণ কৰে ।জিলাখনৰ ১৫ খন পামৰ অৰ্ধ শতাধিক ৰেচম প্ৰদৰ্শক উপস্থিত থকা লখিমপুৰ জিলা ৰেচম বিষয়া সন্থাৰ মাহিলী বৈঠক উপলক্ষত উপস্থিত হোৱা বিষয়া সকলে ইয়াৰ পাছতে  বিভাগীয়  সভাকক্ষত এখন বৈঠকত মিলিত হয়।প্ৰেমানন্দ দত্তই আঁত ধৰা আৰু সহকাৰী  ৰেচম সঞ্চালক কিশোৰ শৰ্মা বৰদলৈয়ে সভাপতিত্ব কৰা উক্ত জিলা পৰ্যায়ৰ বৈঠকত  জিলাখনৰ ৰেচম বিভাগৰ বিভিন্ন কৰ্ম আঁচনি , কৰণীয়তা আৰু বিভাগটো অধিক সফল আৰু গতিশীল কৰাৰ স্বাৰ্থত  অনাগত সময়ত লব লগা পদক্ষেপ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। বৈঠকতে সদৌ অসম ৰেচম বিষয়া সন্থাৰ উপ সভাপতি জিতেন ভঁৰালীৰ পৰ্যবেক্ষণত আৰু তত্বাৱধানত লখিমপুৰ জিলা ৰেচম বিষয়া সন্থাৰ অন্তৰ্গত পূৰ্ণাংগ  ঢকুৱাখনা মহকুমা সমিতি গঠন কৰা হয় । বৈঠকত  যতীন তামুলীক সভাপতি , প্ৰদীপ কুমাৰ মিশ্ৰক উপ সভাপতি, প্ৰসন্ন পাত্ৰক সম্পাদক , উৎপল ডেকা ,যামিনী সন্দিকৈ ,ৰাজু দত্তক সহকাৰী সাধাৰণ সম্পাদক, বনশ্ৰী দত্ত ফুকনক কোষাধ্যক্ষ , চম্পা দলে, সূচিতা দলে , তিলক হাজৰিকা, উমিত্রা পেগু , দিলেশ্বৰী পেগু ইভা পেগু , দীপালি মিলিক কাৰ্যকৰী সদস্য হিচাবে লৈ মহকুমা সমিতিখন পূৰ্ণাংগ ৰূপত  গঠন কৰা হয়। তাৰোপৰি বৈঠকত অহা নৱেম্বৰ মাহত জিলাখনৰ তাৰিয়নী ৰেচম পামত এনে জিলা পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত কৰি ব্যক্তিগত প্ৰচেষ্টাৰে চুমগছৰ পুলি ৰুই একে কাৰ্যসূচী গ্ৰহণ কৰি বিভাগটোক অধিক সক্ৰিয় আৰু উজ্জীৱিত কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.