মৃত্যুদূত ৰূপী মাদক দ্ৰব্য বৰ্জিত সমাজ গঠনৰ সংকল্পৰে সহযোগ অসমৰ প্ৰশংসনীয় কাৰ্যসূচী

0 423

সাম্প্ৰতিক সমাজ জীৱনত  ভয়ংকৰ হাৰত দেখা দিয়া  নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন আৰু এনে স্বাস্থ্য ক্ষতিকাৰক আৰু মাৰাত্মক সামগ্ৰীৰ সেৱনৰ ফলত সৃষ্টি হোৱা  দুৰাৰোগ্য কেন্সাৰ ৰোগৰ সন্দৰ্ভত  জন সজাগতা সৃষ্টিৰ এক সময়োপযোগী পদক্ষেপৰ মঙ্গলবাৰে  ঢকুৱাখনাত সফল পৰি সমাপ্তি ঘটে  । ৰাজ্যখনৰ অগ্ৰণী স্বেচ্ছাসেৱী বেচৰকাৰী সংগঠন ,গুৱাহাটীস্থিত “সহযোগ অসম”ৰ উদ্যোগত ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলিয় এলেকাত ৪ দিন জোৰা সজাগতা মূলক অভিযান চলাইছিল ।  অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনটোৰ  অধ্যক্ষা পূৰবী বৰুৱা , কৰ্মকর্তা ক্ৰমে ইনু শৰ্মা , টংকেশ্বৰ কলিতা , বিক্ৰমজিত গগৈ , সুদীত্য মৰাণ , বিশ্বজিত বৰুৱা , ধনজিত ৰায় আদিৰ উপস্থিতি আৰু সহযোগিতাত  “সহযোগ অসম”য়ে ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ  ঢকুৱাখনা মহকুমাৰ বিভিন্ন গ্ৰামাঞ্চলত অনুষ্ঠিত কৰে  “ঈশ্বৰ, কেন্সাৰ আৰু জীৱন” শীৰ্ষক এক  সময়োপযোগী সজাগতামূলক কাৰ্যসূচী । এখন  কুসংস্কাৰ আৰু অন্ধবিশ্বাস মুক্ত,  প্ৰগতিশীল,  সুস্থ ,নিকা ,সমাজ গঢ়াৰ সংকল্পৰে ২০১৫ চনত আত্মপ্ৰকাশ কৰা “সহযোগ অসম”ৰ প্ৰচেষ্টাত  যোৱা ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ   ঢকুৱাখনাৰ বিভিন্ন  ভিতৰুৱা অঞ্চলত নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন আৰু ব্যৱহাৰ বন্ধ কৰাৰ বাবে এলানি জনসজাগতামূলক কাৰ্যসূচী গ্ৰহণ  কৰাৰ লগতে  কৰ্কট ৰোগৰ সজাগতা সভাও অনুষ্ঠিত কৰে। তাৰেই অংশ হিচাবে  ঢকুৱাখনাৰ মাধৱদেৱ হাইস্কুল আৰু মানিকপুৰ অঞ্চলৰ সাহাদেৱ প্ৰাথমিক বিদ্যালয়ত “ঈশ্বৰ, কেন্সাৰ আৰু জীৱন ” শীৰ্ষক সজাগতা অনুষ্ঠানো অনুষ্ঠিত কৰে। সজাগতা  সভাত সমূহত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিষয় বস্তুৰ ওপৰত মননশীল বক্তব্য আগবঢ়াই  ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ গীতাঞ্জলি বৰুৱা দত্ত । “সহযোগ অসম”ৰ এই লানি অনুকৰণীয় কৰ্মসূচীৰ সজাগতা সভাত ঢকুৱাখনাৰ বিশিষ্টা লেখিকা ,ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক পুষ্পা গগৈ, অৱসৰপ্ৰাপ্ত সমাজ কল্যান বিষয়া   প্ৰেমলতা দাস , সাহাদেৱ মাণিকপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী সৰ্বেশ্বৰী পেগু
মাধৱদেৱ হাইস্কুলৰ শিক্ষক বুবুল চমুৱা,  নিতুল দিহিঙীয়া ,  ২নং বান্তৌ গাঁও , বাগিচা গাঁও আদিৰ অংগনৱাদী কৰ্মী , আশাকৰ্মী , গাঁও বুঢ়া সকলৰ লগতে গৰিষ্ঠ সংখ্যক সমাজ সচেতন ৰাইজ আৰু সংগঠনৰ কৰ্মকর্তা সকলে অংশ গ্ৰহণ কৰে । ৪ দিনীয়া কৰ্মসূচীৰে মহকুমাটোৰ ভিন্ন প্ৰান্তত মৃত্যুদূত ৰূপী নিচা যুক্ত আৰু মাদক দ্ৰৱ্যৰ প্ৰচলন বন্ধ কৰা , ভক্তিপূৰ্ণ আচাৰ আচৰণেৰে কেন্সাৰ ৰোগীৰ মনোবল বৃদ্ধি কৰা  , সমাজৰ পৰা  কেন্সাৰ ৰোগ সৃষ্টিকাৰী বিভিন্ন কাৰক  বৰ্জন কৰাৰ আহ্বানেৰে ৰাজহুৱা  সভা অনুষ্ঠিত কৰাৰ সমান্তৰাল ভাৱে  আজি সংগঠনটোৰ উদ্যোগত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ  সমীপত সজাগতা মূলক এক পথ সভা অনুষ্ঠিত কৰে। ৪ দিনীয়াকৈ অনুষ্ঠিত কাৰ্যসূচীত “সহযোগ অসম”ৰ কৰ্মকর্তা সকলে এখন সংস্কাৰী , সুস্থ নিকা আৰু গতিশীল সমাজ গঠনৰ আহ্বানেৰে  আজি সামৰণি পৰা অনুষ্ঠানত উপস্থিত সকলোৱে এখন মাদক দ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন বৰ্জিত সমাজ গঠনৰ বাবে সমূহীয়া সংকল্প গ্ৰহণ কৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

 

Leave A Reply

Your email address will not be published.