মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি

0 89

মেঘালয় চৰকাৰে স্থানীয় আইপিএছ বিষয়া খাচী জনজাতি সম্প্ৰদায়ৰ ইদাচিছা নঙৰাঙক ৰাজ্য খনৰ প্ৰথম মহিলা আৰক্ষী প্ৰধান হিচাপে নিযুক্তি দি অভিলেখ সৃষ্টি কৰিলে। বৰ্তমান আৰক্ষী সঞ্চালক প্ৰধান এল আৰু বিষ্ণুয়ে অহা ১৯ মে চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছত ১৯৯২ চনৰ আইপিএছ বিয়য়া নঙৰাঙে এই নতুন পদত যোগ দিব।
এই খিনিতে উল্লেখ কৰিব পাৰি যে ইউপিএছচি য়ে মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদত নিযুক্তিৰ বাবে মেঘালয়ৰ চিভিল ডিফেনসৰ সঞ্চালক নঙৰাঙোকে ধৰি সীমান্ত ৰক্ষী বাহিনীৰ এডিজি ৰাম প্ৰসাদ মীনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এডিজি দীপক কুমাৰৰ নাম মেঘালয় চৰকাৰলৈ সুপাৰিশ কৰিছিল। ৰাজ্য চৰকাৰে ইয়াৰ ভিতৰত নঙৰাঙৰ নাম চূড়ান্ত কৰিছে। মেঘালয়ৰ তিনিটা ৰাজনৈতিক দলেও সঞ্চালক প্ৰধান হিচাপে স্থানীয় প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাই আহিছিল-।এজন স্থানীয় প্ৰাৰ্থীৰ ৰাজ্য খন সম্পৰ্কে অন্যৰ তুলনাত অধিক জ্ঞান থকাটো স্বাভাৱিক বুলি দল কেইটাই মত দাঙি ধৰে। নঙৰাঙে ২০২৬ চনত চাকৰিৰ পৰা অৱসৰ লব।

Leave A Reply

Your email address will not be published.