মেলবৰ্ণত অনুষ্ঠিত হ’ব লগা ফিল্ম ফেষ্টিভেললৈ মনোনীত হৈছে অসমৰ অভিনেতা বেঞ্জামিন দৈমাৰী।

0 447

চলিত বৰ্ষত মেলবৰ্ণত অনুষ্ঠিত হ’ব লগা ১২ সংখ্যক ফিল্ম ফেষ্টিভেলৰ বাবে মনোনীত হৈছে অসমৰ অভিনেতা বেঞ্জামিন দৈমাৰী। দৈমাৰীয়ে জোনাকী পৰুৱা নামৰ ছবি খনৰ বাবে বেষ্ট এক্টৰ শিতানত মনোনীত হৈছে। তেওঁৰ লগতে মনোনীত হৈছে অভিনেতা হৰিশ খান্না। খান্নাই বেলকণিত ভগৱান নামৰ ছবিখনৰ বাবে মনোনীত হৈছে।উল্লেখযোগ্য যে বেঞ্জামিন দৈমাৰী হ’ল ভাৰতৰ প্ৰথমজন তৃতীয় লিংগ অভিনেতা ,যিজনে মেলবৰ্ণত অনুষ্ঠিত হোৱা ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ মনোনীত হৈছে। উল্লেখযোগ্য যে এই ফিল্ম ফেষ্টিভেলখন ডিজিটেল মাধ্যমত ১৫ আগষ্ট পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.