মৌ পালক,মৎস্য পালকলৈ সুখবৰ

0 230

ভাৰতৰ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতৰমণে আজি পুনৰ এখন সংবাদমেলৰ সম্বোধন কৰে। সমগ্ৰ দেশতে চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ এই সময়ছোৱাত দেশৰ উন্নয়ন খণ্ডক আৰু অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কেইটা পদক্ষেপৰ কথা আজিৰ সংবাদমেলখনত ঘোষণা কৰে।
 
সমগ্ৰ দেশৰে পশু পালন তথা মৎস্য পালন আদিকে সামৰি দেশৰ কৃষি ক্ষেত্ৰখনৰ আন আন বহুকেইটা বিষয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা কৰে আজিৰ সংবাদমেলখনত। আজিৰ এই সংবাদমেলখনত সমগ্ৰ দেশৰে কৃষি ক্ষেত্ৰৰ কাৰণে ১১ টা বিশেষ আঁচনিৰো ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংবাদমেল খনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে ভাৰত চৰকাৰে লকডাউনৰ এই সময়ছোৱাত সৰ্বমুঠ ৭৪৩০০ কোটি টকাৰ ফচল ক্ৰয় কৰিছে।
 
 
দেশৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পি এম কিষাণ নিধিৰ জৰিয়তে কৃষকৰ একাউণ্টত জমা কৰিছে ১৮৭০০ কোটি। আনহাতে ইয়াৰে ছয় হেজাৰ চাৰিশ কোটি টকাৰ ফচল বীমাৰ কাৰণে ব্যয় কৰা হৈছে।দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ এই সময়ছোৱাত গাখীৰৰ উৎপাদন ইতিমধ্যে ২০ৰ পৰা ৩০শতাংশলৈ হ্ৰাস পাইছে। সমান্তৰালভাৱে দেশৰ ভিন্ন প্ৰান্তৰ মৌপালক সকলৰ কাৰণেও আছে এক সু খবৰ।
 
 
সমান্তৰালভাৱে সমগ্ৰ দেশৰে দুই লাখতকৈও অধিক মৌ পালক সকল লাভৱান হোৱাকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে আজিৰ সংবাদ মেল যোগে কৰিছে এটা বিশেষ ঘোষণা। দেশৰ মৌ পালক সকলে  মৌ পালন কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰিলে ৫০০ কোটি টকা। দেশৰ গ্ৰামীণ ক্ষেত্ৰ খনত যি সকল মৌপালক আছে,এই আঁচনি খনৰ জৰিয়তে অধিক পৰিমাণে অগ্ৰাধিকাৰ পাব বুলিও সংবাদমেল যোগে  কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী সদৰী কৰে।
 
দেশৰ হাৰ্বেল খেতি সম্পৰ্কতো কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কৰিলে আৱশ্যকীয় ঘোষণা। অহা দুই বছৰত দহ লাখ হেক্টৰ মাটিত হাৰ্বেল খেতি কৰা হ’ব বুলিও কয়। সমান্তৰালভাৱে এই হাৰ্বেল খেতিৰ সৈতে জড়িত হৈ থকা কৃষকসকলে হাৰ্বেল খেতিৰ পৰা  আয় কৰিব প্ৰায় পাঁচ হেজাৰ কোটি টকা। উল্লেখ্য যে ইতিমধ্যে এই আঁচনিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ধাৰ্য কৰা হৈছে ৪ হেজাৰ কোটি টকা। সমান্তৰালভাৱে কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে সমগ্ৰ দেশৰে ঘৰুৱা চিকিৎসাৰ ক্ষেত্ৰত এই হাৰ্বেল খেতি অধিক পৰিমাণে উপযোগী হ’ব।
 
দেশৰ পশু পালকসকলৰ কাৰণেও আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত এটা ভাল খবৰ ঘোষণা কৰে। দেশৰ সকলোধৰণৰ পোহনীয়া পশু বিলাকক ৰোগমুক্ত কৰাৰ বাবে প্ৰতিজ্ঞাৱদ্ধ।
 
সমগ্ৰ দেশৰে বিভিন্ন প্ৰান্তৰ ৫৩কোটি পোহনীয়া জীৱ-জন্তুক টীকাকৰণ কৰা হ’ব বুলিও ঘোষণা কৰে আজিৰ সংবাদমেলখনত। উল্লেখ্য যে ইয়াৰ কাৰণে তেৰ হেজাৰ তিনিশ তিয়াল্লিছ কোটি টকা ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে। সমান্তৰালভাৱে দেশৰ ডেইৰী উদ্যোগ খণ্ডৰ সৰ্বতো বিকাশৰ বাবেও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে পোন্ধৰ হেজাৰ কোটি টকা।
 
 
এই পুঁজিৰ জৰিয়তে সমগ্ৰ দেশতে গাখীৰ, ক্ৰীম, ঘি উৎপাদনকে আদি কৰি বিভিন্ন সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অগ্ৰাধিকাৰ দিয়া হ’ব।
 
 
প্ৰধানমন্ত্ৰী মৎস্য সম্প্ৰদা যোজনাৰ অধীনৰ এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰে ৫৫ লাখ মৎস্য পালকে প্ৰয়োজনীয় সুবিধা লাভ কৰিব।উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে অহা ৫ বছৰত ৭০লাখ টন অতিৰিক্ত মাছ উৎপাদনৰ লক্ষ্য হাতত লৈছে।  আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আগন্তুক পাঁচ বছৰত এই আঁচনিখনে অধিকভাৱে  যোগাত্মক হ’ব বুলিও আজিৰ সংবাদমেলযোগে ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে।
 
আনহাতে খাদ্য সামগ্ৰী সমূহৰ শীতলীকৰণ কেন্দ্ৰ আৰু কৃষিৰ  আন আন্তঃগাঁথনি সমূহৰ উন্নয়নৰ কাৰণেও বিত্তমন্ত্ৰীয়ে কেতবোৰ ঘোষণা কৰে। খাদ্য সামগ্ৰীৰ শীতলীকৰণ কেন্দ্ৰৰ বাবেও কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে এক লাখ কোটি টকা।
 
এই  বৃহৎ পৰিমাণৰ ধনৰাশিৰ জৰিয়তে দেশত বৃদ্ধি কৰা হ’ব শীতলীকৰণ ঘৰৰ লগতে বা খাদ্য সামগ্ৰীৰ ভাণ্ডাৰ।  ইয়াৰ লগতে দেশৰ ভিন্ন প্ৰান্তত থকা ফুড এন্টাৰপ্ৰাইজ সমূহৰ কাৰণেও বিত্তমন্ত্ৰী গৰাকীয়ে দহ হেজাৰ কোটি টকা ধাৰ্য কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰা এই ধনৰাশি সমগ্ৰ দেশতে হাৰ্বেল আৰু অৰ্গেনিক সামগ্ৰীৰ প্ৰস্তুতৰ ক্ষেত্ৰত  ব্যৱহাৰ কৰিবলৈহে কয়।

Leave A Reply

Your email address will not be published.