ৰাজ্যৰ ভিতৰতে সুকীয়াকৈ আৰু একমাত্ৰ এনফৰ্চমেণ্ট বা প্ৰৱৰ্তক বিভাগ থকা গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ ( প্ৰৱৰ্তক ) বিষয়াৰ কাৰ্যালয়ে বিভাগীয় মন্ত্রী – উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে পথ সুৰক্ষাৰ দিশটো কোনো যান বাহনে যাতে উলংঘা নকৰে তাৰ বাবে ৰাজপথত আইন ভংগকাৰী বাহন – চালকৰ বিৰুদ্ধে অভিযান চলাই আহিছে । আনকি ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ ভয়াবহতাৰ মাজতো জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ প্ৰৱৰ্তক বিভাগটোৱে চলিত ২০২১ -২২ বিত্তীয় বর্ষৰ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহ অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ৩১ আগষ্টলৈকে পাঁচটা মাহত যান বাহন আইন ভংগকাৰী বাহনৰ পৰা ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৫,৭৯,১০,০৮০.০০ টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । বিগত ২০২০ – ২১ বিত্তীয় বর্ষৰ একে সময়চোৱাত সংগ্ৰহীত জৰিমনাৰ পৰিমাণ আছিল ৯৮,৫০,৭৫৪,০০.০০ টকা । অৰ্থাৎ বিগত বর্ষৰ পাঁচ মাহতকৈ এইবেলি ৪.৮০ কৌটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে আৰু এই বৃদ্ধিৰ হাৰ হল ৪৭৭ শতাংশতকৈ অধিক । আনহাতে জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) আৰু ৰাজ্যৰ একমাত্ৰ চালক – পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ হিমাংশু কুমাৰ দাসে সদৰি কৰা অনুসৰি মূলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো বাহনে যাতে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ওজন সৰবৰাহ কৰিব নোৱাৰে, পথ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অধিক গতিবেগ বা দ্ৰুতগতিত কোনো চালকে বাহন চলোৱা , বিভাগৰ ৰাজহ ফাঁকি, পথৰ ওপৰত নিশা সংকেত অবিহনে বাহন পাৰ্কিং কৰা আদি দিশৰ ওপৰত প্ৰৱৰ্তক পৰিদৰ্শক সকলে গুৰুত্ব দিছিল । ফলত বিগত পাঁচ মাহত মহানগৰ জিলাৰ বিভিন্ন ৰাজপথত চলোৱা অভিযানত অধিক ওজন সৰবৰাহ কৰা প্ৰায় ১,৫০০ ,খন ট্ৰাক , ডাম্পাৰকে ধৰি বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহন ধৰা পেলোৱা হয় । এই সন্দৰ্ভত পাঁচ মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে ১২ হাজাৰতকৈ অধিক গোচৰ ৰজু কৰা হৈছে । আনহাতে চলিত ২০২১ – ২২ বিত্তীয় বর্ষৰ বাবে বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষই জৰিমনাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল তাৰ ৩২.১৭ শতাংশ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে পাঁচটা মাহত । ইয়াৰ উপৰিও আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে দিনে নিশাই চলোৱা অভিযানত জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলামৰ লগতে জিলাখনৰ প্ৰৱৰ্তক পৰিদৰ্শক , যান বাহন পৰিদৰ্শক সকলেও ভাগ লৈছিল । হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে জৰিমনা সংগ্ৰহ কৰা বা অভিযান চলোৱাটোৱে বিভাগৰ মূল লক্ষ্য নহয় । মূল লক্ষ্য হল সকলো বাহনৰ গৰাকী আৰু চালক সকলে পৰিবহণ বিভাগৰ নীতি নিয়ম , পথ সুৰক্ষাৰ বিধি সমূহ মানি চলিহে নিৰ্ধাৰিত গতিবেগত ৰাজপথত বাহন চলায় । এই লক্ষ্যৰে ৰাজ্যত প্ৰথম বাৰৰ বাবে মহানগৰ জিলাত এটা ক্ৰেছ ইনভেষ্টিগেছন টীম ( চি আই টি ) গঠন কৰা হৈছে । যত প্ৰৱৰ্তক পৰিদৰ্শকৰ উপৰিও যান বাহন পৰিদৰ্শক , আৰক্ষী , লোকনির্মাণ বিভাগ আৰু ৰাষ্ট্রীয় ঘাইপথৰ প্ৰাধিকৰণৰ বিষয়া – অভিযন্তাক অন্তৰ্ভুক্ত কৰা হৈছে । তেনেদৰে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটিবাছ , মেজিককে ধৰি যাত্ৰীবাহী বাহন চলোৱা চালক সকলৰ মাজত পথ সুৰক্ষা সজাগতা , যাত্ৰীৰ প্ৰতি ব্যৱহাৰ আদি বিষয় সামৰি ১০ আগষ্টৰ পৰা সপ্তাহত দুদিনকৈ বছৰজোৰা কাৰ্যসূচীৰে আদিনকৈ9 প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে । ৩১ আগষ্টলৈকে প্ৰায় ৬০০ ,জন চালকক প্ৰশিক্ষণ দিয়া হৈছে ।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap