কাইলৈ যান বাহন আৰক্ষীয়ে দিয়া পথ নিৰ্দেশনাত,কি আছে

0 231

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য অনুষ্ঠানৰ বাবে কাইলৈ গুৱাহাটীত যান-বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে।সংবাদমেল আয়োজন কৰি যান-বাহন আৰক্ষীৰ ডিচিপি প্ৰাণজিত বৰাই সবিশেষ পথ নিৰ্দেশনা জানিবলৈ দিছে।
কাইলৈ দিনটোৰ বাবে গুৱাহাটীৰ পথ নিৰ্দেশনা:
১)নৱগ্ৰহ শ্মশানৰ সন্মুখৰ পথত ন পাৰ্কিং ঘোষণা।
২)চানমাৰিৰ পৰা গুৱাহাটী ক্লাবলৈ ন পাৰ্কিং ঘোষণা।
৩)শেষকৃত্য অনুষ্ঠানলৈ অহা লোক সকলে তেওঁলোকৰ বাহন সমূহ চানমাৰিৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত পাৰ্কিং কৰিব লাগিব।
৪)লতাশিলৰ দিশৰ পৰা চেনিকুঠী বাইলেন আৰু নৱগ্ৰহ মন্দিৰলৈ অহা পথ সম্পূৰ্ণৰূপে বন্ধ।
৫)ভূপেন হাজৰিকাৰ ঘৰৰ ওচৰৰ পৰা চান্দমাৰী আৰক্ষী থানাৰ ওচৰৰ পইণ্ট বন্ধ।
৬)কৰ্নাচল ৰোডৰ পৰা নৱগ্ৰহ ৰোডৰ পৰা ভূপেন হাজৰিকাৰ বাসগৃহৰ পইণ্টলৈকে ন পাৰ্কিং।
৭)গুৱাহাটী ক্লাবৰ পৰা বাহন সমূহ বি বৰুৱা কলেজৰ দিশে ডাইভাৰ্ট কৰা হ’ব।
৮) নুনমাটিৰ পৰা অহা বাহনসমূহ জু ৰোড হৈ ডাইভাৰ্ট কৰা হব।
৯)কেৱল বিশেষ অতিথিৰ এছকৰ্টৰ গাড়ীসমূহ শিলপুখুৰীলৈ যাব পাৰিব।
১০)বিশেষ অতিথিৰ এছকৰ্টৰ গাড়ীসমূহ শিলপুখুৰীতেই ৰাখিব লাগিব।

Leave A Reply

Your email address will not be published.