আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট নগৰৰ যোৰহাট জিলা পুথিভৰালত অনুষ্ঠিত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অসমৰ বিভিন্ন লোকসভা সমষ্টিত হৈ যোৱা বিশেষ কৰ্মকৰ্তা সন্মিলনসমূহৰ দৰে অগপৰ বহু সহস্ৰাধিক কৰ্মকৰ্তাসকলৰ উৎসাহ-উদ্দীপনাৰ মাজেৰে যোৰহাটত বিশেষ কৰ্মকৰ্তা সন্মলিনে অগপক নতুনকৈ গঢ়ি তোলাৰ দৃঢ় মানসিকতাই প্ৰকাশ পাইছে।কৰ্মকৰ্তা সকলৰ অকুণ্ঠ সমৰ্থন আৰু জাগ্ৰত চেতনাক সাৰথি কৰি দলটোক অপ্ৰতিৰোধ্য শক্তিৰে উজ্জীৱিত কৰিবলৈ দলৰ প্ৰতিগৰাকীয়ে প্ৰতিনিয়ত প্ৰচেষ্টা অব্যাহত ৰাখিছে।সভাত উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে অনাগত দিনৰ নিৰ্বাচনবোৰত অগপই শক্তিশালীভাৱে যুঁজিবলৈ সক্ষম হ’ব। ৰাইজৰ মৰম আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত দলটোৰ সংগঠনৰ প্ৰতিটো স্তৰত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে অধিক শক্তিশালী কৰাত নিষ্ঠাৰে মনোনিৱেশ কৰিবলৈ দলৰ কৰ্মকৰ্তাসকলক আহ্বান জনায়। সভাপতি বৰাই লগতে কয় যে, অসমবাসী ৰাইজৰ পূৰ্ণ সহযোগিতাৰ বাবেই অসমত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত উন্নয়নৰ অভূতপূৰ্ব এক নতুন জাগৰণৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰতি শংকিত হৈ কংগ্ৰেছ দলে অগপ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন ভুৱা আৰু অপপ্ৰচাৰত লিপ্ত হৈছে। এই ভুৱা আৰু অপপ্ৰচাৰক মষিমূৰ কৰাৰ বাবে দলৰ কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে থিয় হ’বলৈ বৰাই আহ্বান জনায়। পূৰ্বতে কেতিয়াও নোহোৱা উন্নয়নৰ এই অবিৰত যাত্ৰাত কংগ্ৰেছে যাতে কোনো কাৰণতে ব্যাঘাত জন্মাব নোৱাৰে, তাৰ বাবে সজাগ হ’বলৈও দলৰ কৰ্মকৰ্তাসকলক সভাপতি গৰাকীয়ে আহ্বান জনায়। বৰাই লগতে দৃঢ়তাৰে কয় যে, ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা, ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশেই দলটোৰ মুল লক্ষ্য। ৰাজ্যখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকক একত্ৰিত কৰি আঞ্চলিকতাবাদৰ শক্তিশালী ভেটি প্ৰতিষ্ঠা কৰাৰ সময় সমাগত। সমাগত নিৰ্বাচনৰ বাবে পৰিকল্পিত আৰু প্ৰণালীবদ্ধ ভাৱে সাংগঠনিক কামত নিয়োজিত হ’বলৈ বৰাই দলীয় সদস্যসকলক আহ্বান জনায়। আজিৰ সভাতেই অসম গণ পৰিষদৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে অগপ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে। এই যোগদানে অসম গণ পৰিষদক অনাগত দিনবোৰত এক নতুন শক্তি প্ৰদান কৰিব বুলি সভাপতি বৰাই আশা প্ৰকাশ কৰি যোগদানকাৰী দলটোক অগপৰ বৃহৎ পৰিয়ালটোলৈ আদৰণি জনায়। আজি যোৰহাট লোকসভা সমষ্টিৰ অৰ্ন্তগত দহটা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তা সকল একত্ৰিত হৈ আয়োজন কৰা “বিশেষ কৰ্মকৰ্তা সন্মিলনত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি সংগ্ৰামী পৰিক্ৰমাৰ মাজেৰে আত্মপ্ৰকাশ কৰা অসম গণ পৰিষদে জাতীয় স্বাৰ্থ সুৰক্ষাৰ হকে সৱল স্থিতিৰে অটল হৈ আছে বুলি উল্লেখ কৰে । সকলো জাতি-জনগোষ্ঠী, ভাষা-বৰ্ণৰ ব্যক্তিৰ প্ৰত্যাশা আৰু আকাংক্ষা সমূহক প্ৰতিফলিত কৰিবলৈ মহন্তই দলে নিৰন্তৰভাৱে প্ৰয়াস কৰি আহিছে বুলি কৈ আগন্তুক দিনত দলটোক অধিক শক্তিশালী কৰাৰ বাবে কৰ্মকৰ্তা সকলে পুৰ্বতকৈও অধিক উদ্যম আৰু দৃঢ়তাৰে মনোনিৱেশ কৰিব লাগিব বুলি মন্তব্য কৰে ৷ সমাগত পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিক অভেদ্য দুৰ্গলৈ পৰিনত কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়ত জনসংযোগ বৃদ্ধি কৰিবলৈ প্ৰতিজন দলীয় কৰ্মকৰ্তাকে আহ্বান জনায়। সন্মিলনত বিধায়ক তথা দলৰ জ্যেষ্ঠনেতা ফনীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, প্ৰদীপ হাজৰিকা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সত্যব্ৰত কলিতা, বিধায়ক তথা উপ-সভাপতি ভৱেন্দ্ৰ নাথ ভৰালী, ৰেণুপমা ৰাজখোৱা, উপ-সভাপতি ড০ নৃপেন বৰুৱা, সুনীল ডেকা, পুতুল বৰুৱা, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস প্ৰমুখ্যে দলৰ অন্যান্য সম্পাদক সকল, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত নিয়োজিত বিষয়ববীয়া সকল, ভাতৃ আৰু ভগ্নী পৰিষদ সমূহৰ সভাপতি, লোকসভা সমষ্টিটোৰ অৰ্ন্তগত সাংগঠনিক জিলা সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিধান পৰিষদ সমূহৰ সভাপতি সমন্বিতে বিষয়ববীয়া সকল, বিভিন্ন স্তৰৰ জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়ববীয়া সকল উপস্থিত থাকে ৷
Trending
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme