লখিমপুৰ জিলা আৰক্ষীৰ আন্তঃ জিলা তৰ্ক প্ৰতিযোগিতা সম্পন্ন

0 153

অসম আৰক্ষীক বৃত্তিগত কৰ্ম ব্যস্ততাৰ মাজতে আবদ্ধ কৰি নাৰাখি বৌদ্ধিক আৰু মনস্তাত্বিক ভাৱেও উত্তৰণ ঘটোৱাৰ লক্ষ্যৰে কেতবোৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে। অসম আৰক্ষীৰ আধুনিকীকৰণৰ লগতে জ্ঞান ,শিক্ষা আৰু প্ৰজ্ঞাৰেও  সক্ৰিয়কৰণৰ লক্ষ্যৰে গৃহ বিভাগে গ্ৰহণ কৰা এই কৰ্মসূচীৰ অধীনত বুধবাৰে লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনে অনুষ্ঠিত কৰে আন্তঃ জিলা আৰক্ষীৰ মাজত এখন তৰ্ক প্ৰতিযোগিতা।  লখিমপুৰ জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ  সহযোগত বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । সদনৰ মতে অভিযুক্তৰ কোনো মানৱ অধিকাৰ খৰ্ব নকৰাকৈ আৰক্ষীয়ে অপৰাধ অনুসন্ধান নিয়াৰিকৈ কৰিব পাৰে শীৰ্ষক প্ৰতিযোগিতাৰ সঞ্চালনা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আচহাবুৰ ৰহমানে।লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোহিত হাজৰিকাৰ আদৰণি ভাষনেৰে শুভাৰম্ভ হোৱা প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীৰ ১৪ গৰাকী আৰক্ষী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাত লখিমপুৰ জিলা আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা , অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰুনা নেওগকে প্ৰমুখ্য কৰি কেইবা গৰাকী আৰক্ষী বিষয়া আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী  উপস্থিত থাকে। বিশিষ্ট অধিবক্তা ৰাজীৱ গগৈ , প্ৰবীণ সাংবাদিক, সাংস্কৃতিক কৰ্মী সুৰজিত ভূঞা ,ফাৰহানা আহমেদে বিচাৰক হিচাবে অংশগ্ৰহণ কৰি চাৰি গৰাকী আৰক্ষীক প্ৰথম তিনিটা স্থানৰ বাবে নিৰ্বাচিত কৰে । নিৰ্ধাৰিত বিষয় বস্তুৰ ওপৰত অধ্যয়ণশীল আৰু যুক্তি সংগত বিচাৰ বিশ্লেষণ কৰি উপস্থিত শ্ৰোতা সকলক সন্মোহিত কৰিবলৈ সক্ষম হোৱা জিলা অপৰাধ শাখাৰ কনিষ্টবল ৰবীন বৰাই প্ৰথম স্থান ,ৰাইডাৰ শাখাৰ উপ পৰিদর্শক  দিগন্ত শইকীয়াই দ্বিতীয় স্থান আৰু তৃতীয় স্থান যুটীয়া ভাবে দৌলহাত আৰক্ষী চকীৰ উপ পৰিদর্শক পলাশ প্রতিম গগৈ আৰু লখিমপুৰ সদৰ থানাৰ চাইবাৰ কোষৰ উপ পৰিদর্শক (প্ৰ) দেৱজিৎ বৰাই লাভ কৰিবলৈ সক্ষম হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নেওগে  জনোৱা মতে জিলা ভিত্তিক আয়োজিত এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত সকলক উত্তৰ মণ্ডল পৰ্য্যায়ত অনুষ্ঠিত হব লগা প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হৈছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.