পৰাক্ৰমী জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক পৱিত্ৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে পুৱা ঢকুৱাখনা নগৰত উলিওৱা হয় এক গণ সমদল । ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত উলিওৱা হয় এই সমদল। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই গণ সমদলৰ উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই । ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে ,সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, ৰিমা কৌশিক, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সম্পাদক অচ্যুত চত্রধৰা, সন্থাৰ উপ সভাপতি প্রিয় ৰাম ফুকন, মহকুমা প্ৰশাসনৰ সমূহ কৰ্মচাৰী, ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয় , জিলা ক্ৰীড়া সন্থা, স্বাস্থ্য বিভাগ , লখিমপুৰ জিলা টাইকোৱান্দু সন্থাৰ অধ্যক্ষ কৃষ্ণ চত্ৰধৰা, গাঁও প্ৰধান সকলৰ লগতে গৰিষ্ঠ সংখ্যক কৰ্মকর্তা আৰু ক্ৰীড়া প্ৰেমীৰ সহযোগিতাত উলিওৱা এই গণ সমদলে ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমন কৰি পুনৰ ৰাজহুৱা খেল পথাৰত কাৰ্যসূচীৰ সফল সামৰণি মাৰে।এই পবিত্ৰ দিৱস উপলক্ষ্যত ঢকুৱাখনা সদৰ থানা আৰু ঢকুৱাখনা পৌৰ সভাৰ উদ্যোগতো পুৱা নগৰৰ কেন্দ্ৰ স্থল,থানা চৌহদত স্বচ্ছ ভাৰত অভিযান চলাই পৰিৱেশ নিকাকৰণ কৰা হয়।
Trending
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট
- NSE Headquarters Illuminated in Tricolour on Eve of 77th Republic Day