লাহিং আছুৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ

0 294

লাহিঙত ৯ জুন মংগলবাৰে কভিড-১৯ ৰ প্ৰথম গৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছতে লাহিং আঞ্চলিক ছাত্ৰ সন্থাই বিষয়টোৰ ওপৰত উদ্দেগ প্ৰকাশ কৰাৰ লগতে লাহিং অঞ্চলত যাতে ইয়াৰ প্ৰভাৱ বাঢ়িব নোৱাৰে তাৰ ব্যৱস্থা ল’বৰ বাবে জিলা উপায়ুক্তলৈ অনলাইন যোগেদি এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷
 
 
উল্লেখ্য যে লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ স্বৰজমিন তদন্তত এটা ভয়ংকৰ খবৰ পোহৰলৈ অহাৰ বাবে তেওঁলোক শংকিত হৈ পৰিছে৷সেইটো হ’ল যে বৰ্হিৰাজ্যৰ পৰা ঘৰলৈ অহা লাহিঙৰ ৰোগী গৰাকীক তিতাবৰত কেৱল থুৰ নমুনা সংগ্ৰহ কৰিয়েই ঘৰলৈ পঠিয়াই দিয়া হৈছিল৷ ঘৰলৈ আহিবলৈও  কােনো ধৰণৰ চৰকাৰী বাহনৰ সুবিধা কৰি দিয়া নাছিল বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত লাহিং আছুৱে জিলা উপায়ুক্তৰ পৰা সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্তৰ আশা কৰাৰ লগতে ভৱিষ্যতে যাতে যোৰহাটত কোনো ৰোগীৰ ক্ষেত্ৰত এনেধৰণৰ গাফিলতি পুনৰাবৃত্তি নহয় তাৰ বাবে পদক্ষেপ ল’বলৈ স্মাৰকপত্ৰ যোগেদি অনুৰোধ জনায়।
 
 
লগতে চিনাক্ত হোৱা ৰোগী গৰাকীৰ উপযুক্ত চিকৎসা প্ৰদান কৰাৰ লগতে তেওঁৰ সংক্ৰমনলৈ অহা ব্যক্তি সকলক চিনাক্ত কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিবৰ বাবেও জনায়৷ৰোগী গৰাকীৰ গাঁওখন,লাহিঙৰ যিবোৰ ঠাইত চেনিটাইজ কৰা নাই সেই গাঁওবোৰত চেনিটাইজ কৰা,ক’ভিডৰ টেষ্টৰ ফলাফল নহালৈকে বহি ৰাজ্যৰ পৰা অহা ব্যক্তি কোৱাৰেন্টাইন চেন্টাৰতে ৰখাৰ ব্যৱস্থা কৰা,
হোম কুৰেন্টাইনত থকা ব্যক্তি সকলৰ সুবিধা অসুবিধাৰ প্ৰতি লক্ষ ৰাখি আঞ্চলিক ভিত্তিক তদাৰক কৰা,অঞ্চলটোত প্ৰয়োজনীয় সজাগতাৰ ব্যৱস্থা কৰা আদি ভালে কেইটা প্ৰস্তাৱ জিলা উপায়ুক্তক লাহিং আঞ্চলিক ছাত্ৰ সন্থাই আগবঢ়ায়৷
ইতিমধ্যে জিলা উপায়ুক্তই ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰৰ প্ৰতি সঁহাৰি জনাই চিনাক্ত হোৱা ৰোগী গৰাকীৰ গাঁৱত চেনিটাইজেশ্বনৰ ব্যৱস্থা কৰে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে

Leave A Reply

Your email address will not be published.