লোক্ৰাৰ ঢাৰিকাটি মিছিং মধ্য ইংৰাজী বিদ্যালয়ত সেনাবাহিনীৰ দ্বাৰা সামগ্ৰী বিতৰণ

0 269

শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ত আজি ভাৰতীয় সেনাবাহিনীয়ে সদ্ভাৱনা আঁচনিৰ যোগেদি বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে । জানিব পৰা মতে ভাৰতীয় সেনাবাহিনীৰ ৪৪৭ নং বেটেলিয়নে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে কম্পিউটাৰ, জেৰক্স মেছিন, প্ৰিন্টাৰ, ছাউণ্ড চিষ্টেম, চিলিং ফেন, অফিচ টেবুল চকী, হোৱাইট বো’ৰ্ড, ডেক্স-বেঞ্চ, প্ৰজেক্টৰ মেছিন, প্লাষ্টিকৰ চকী
ইত্যাদি সামৰি সৰ্বমুঠ প্ৰায় পাঁচ লাখ বাসত্তৰ হাজাৰ টকা সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীপক ভূঞাৰ হাতত অৰ্পণ কৰে । সামগ্ৰী বিতৰণ অনুষ্ঠানটোত ৪৪৭ নং বেটেলিয়নৰ অধিনায়কৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰাইজ, বালিপৰা শিক্ষাখণ্ড কাৰ্যালয়ৰ বিষয়া উপস্থিত থাকে।

বাতৰি যুগুতালে প্ৰাঞ্জলে..

Leave A Reply

Your email address will not be published.