লৌহ মানৱী- ইৰম শৰ্মিলা চানু

0 313

 
এখন ক’লা আইন । আইন খনৰ নাম সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন। বিশেষকৈ অশান্ত জৰ্জৰিত এলেকাত আইনখন বলবৎ থাকে। সেনা বহিনীৰ বিশেষ ক্ষমতাৰ আইন চমুকৈ AFSPA (Armed Force Special Power Act) নামেৰেও জনা যায়। উল্লেখযোগ্য যে একাংশ সেনা বাহিনীয়ে এই ক’লা আইন খনৰ গইনা লৈ মণিপুৰৰ লগতে উত্তৰ পূব ভাৰতত হিংসাত্মক কাৰ্য্য সংঘটিত কৰিছিল। নিৰীহ ওপৰত হাৰাশাস্তি কৰিছিল। তাৰ প্ৰতিবাদতে মণিপুৰৰ যুৱতী ইৰম শৰ্মিলা চানুৱে অনশন আৰম্ভ কৰিছিল।irom3
ইৰম শৰ্মিলাৰ অনশনৰ ইতিহাসৰ যদি পম খেদি যাঁও আমি ঘুৰি যাব লাগিব ২০০২ চনৰ ২ নৱেম্বৰলৈ। যিদিনা ইম্ফলৰ মালমত পেৰা মিলিটেৰী বাহিনী, অসম ৰাইফেলচৰ জোৱানে বাছৰ বাবে ৰৈ থকা থকা অৱস্থাত ১০ জন মণিপুৰী লোকক হত্যা কৰিছিল । এই ঘটনাত ৬২ বছৰীয়া এগৰাকী বৃদ্ধা আৰু ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় শিশু সাহসিকতা বঁটা বিজয়ী ১৮ বছৰীয়া ছিনাম চন্দ্ৰমণিও আছিল। ইয়াৰ প্ৰতিবাদত ক’লা আইনখন উঠাই লবলৈ ইৰম শৰ্মিলাৰ অনশন আৰম্ভ কৰে।
ইৰম শৰ্মিলাৰ ভাতৃৰ মতে ৪ নৱেম্বৰ তাৰিখৰ পৰা ইৰম শৰ্মিলা অনশন আৰম্ভ কৰে দৃঢ়মনা ইৰম শৰ্মিলাই । এনেদৰে ১ দিন ২ দিন নহয় সম্পূৰ্ণ ১৬ বছৰে সমাজৰ বাবে দেশৰ পৰা এই ক’লা আইনখনৰ বিৰোধিতা কৰি অনশন কৰি ইৰম শৰ্মিলাৰ দৃঢ়মানসিকতাৰ পৰিচয় দাঙি ধৰে । সমগ্ৰ বিশ্ববাসী আচৰিত হৈছিল কিয়নো যি সময়ত একাংশ নব প্ৰজন্ম ভোগ সুখত মত্ব হৈ জীৱন অতিবাহিত কৰিছে, সেই সময়ত ইৰম শৰ্মিলাই দেশৰ বাবে, দহৰ বাবে বছৰৰ পিছত বছৰ ধৰি অনশন কৰিছে। শৰ্মিলাৰ অনশনে ইমান বেয়া পৰ্য্যায় পাইছিল যে তেঁওক কপাহেৰে দাঁত পৰিস্কাৰ কৰিব লগা হৈছিল, নাকেৰে পাইপ সংযোগ কৰি পনীয় গ্ৰহণ কৰাইছিল । তেঁও প্ৰতিবাদত অটল আছিল বাবে লৌহ মানৱী আখ্যাৰে বিভূষিত কৰিছিল ।wp_ss_20160814_0001
সময় বাগৰিল । বছৰৰ পিচত বছৰ গল । ইৰমে দেখিলে যে তেঁও অনশনেই ইমান দিনে কেন্দ্ৰীয় চৰকাৰৰ গা নলৰাই , সেয়ে তেঁও ,সিদ্ধান্ত ল’লে নিজে ৰাজনৈতিক প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ সেনা বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰত্যহাৰৰ ব্যবস্থা কৰিব । সেয়েহে ২০১৬ চনৰ ৯ আগষ্ট মৌজোল খাই অনশন ভংগ কৰে। এনে সিদ্ধান্তৰ পিছত বিভিন্ন বিৰ্তক আৰম্ভ হ’লেও এগৰাকী তেজাল যুৱতী আৰ্দশ, সাহসক নুই কৰিব নোৱাৰি । ইৰম শৰ্মিলাৰ প্ৰতিটো খোজ সমাজৰ প্ৰতিজনৰ বাবে লক্ষ্যণীয় হৈ ৰ’ব।

Leave A Reply

Your email address will not be published.