শংকৰদেৱ শিশু নিকেতন ঘিলামৰাৰ ৰূপালী জয়ন্তী বর্ষৰ শুভাৰম্ভ

0 257

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম সমুজ্জ্বল তাৰকা স্বৰূপ শংকৰদেৱ শিশু নিকেতন ঘিলামৰাই বিগত ২৫ বছৰীয়া সফল পৰিক্ৰমা অতিক্রমী গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে।  ঘিলামৰাবাসী শিক্ষাব্ৰতী ৰাইজৰ নিৰলস  প্ৰয়াসৰ বিনিময়ত উৎকৃষ্ট মানৱ সম্পদ গঢ়াৰ এক ঈর্ষণীয়  বিদ্যায়তনিক অনুষ্ঠানলৈ উত্তৰণ ঘটা এই শিক্ষানুষ্ঠানখনৰ এনে গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী মহোৎসৱটিৰ সতে সংগতি ৰাখি ২০২২ বৰ্ষটো বৰ্ণময় কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত সোমবাৰে এই মহোৎসৱৰ বৰ্ষজোৰা কাৰ্যসূচীৰ দৃষ্টিনন্দন শুভাৰম্ভ কৰা হয় । ঘিলামৰাবাসীৰ অকুণ্ঠ সহযোগিতাত  নিকেতনৰ সকলো প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক কৰ্মচাৰী , বৰ্তমানৰ বিদ্যালয় পৰিয়ালৰ  নিৰন্তৰ কায়িক আৰু আৰ্থিক সহযোগিতাত সোমবাৰে বিদ্যালয় প্ৰাঙ্গনত বছৰ জোৰা মহোৎসৱ উদযাপনৰ শুভাৰম্ভ কৰা হয় । পুৱা শিক্ষানুৰাগী ঘিলামৰাবাসীৰ লগতে গৰিষ্ঠ সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী ,বিভিন্ন সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত মহোৎসৱ উদযাপনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হয়! মহোৎসৱ উদযাপন সমিতিৰ সকলো  বিষয় ববীয়াৰ সহযোগিতাত  উদযাপন সমিতিৰ সভাপতি বিধায়ক নৱ দলে আৰু প্ৰধানাচাৰ্য গোবিন চুতীয়াই মহোৎসৱৰ পতাকা উত্তোলন কৰে।  ইয়াৰ পাছতে  বিদ্যালয় প্ৰাঙ্গনৰ পৰা উলিওৱা হয় এই সু বিশাল আৰু দৃষ্টিনন্দন  বাৰে বৰণীয়া  সাংস্কৃতিক শোভাযাত্ৰা।  বৰ অসমৰ  ভেঁটি গঢ়োতা বিভিন্ন জাতি জনগোষ্ঠীৰ  স্বকীয় সাংস্কৃতিক বৈভৱৰ  বাঙ্ময় প্ৰকাশে,লোক কলা প্ৰদৰ্শন বিশিষ্ট  সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে প্ৰবীণ শিক্ষাবিদ,  সমাজ হিতৈষী, শংকৰদেৱ শিশু নিকেতন ঘিলামৰাৰ  পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তীৰ্থ বৰুৱাই। আয়তীৰ উৰুলি , মংগল ধ্বনিৰ মাজত বৰ্ণিল শোভাযাত্ৰা উদ্ধোধন কৰি প্রবীন শিক্ষাবিদ তথা পৰিচালনা সমিতিৰ  প্ৰাক্তন সভাপতি বৰুৱাই  নিকেতনৰ আজিৰ ২৫ বছৰীয়া সফল যাত্ৰাই  অনাগত শতিকা জোৰা সফল যাত্ৰাৰ পথ প্ৰশস্ত কৰি ঘিলামৰাক শৈক্ষিক আৰু বৌদ্ধিক পথাৰত স্বাভিমানী কৰি তুলিব বুলি কয়। বিভিন্ন জাতীয় কৃষ্টি সংস্কৃতিৰ নান্দনিক প্ৰকাশ লোক বাদ্য , নৃত্যৰ মূৰ্ত প্ৰকাশেৰে উজ্জীৱিত  শোভাযাত্ৰাই সমগ্ৰ ঘিলামৰা এলেকা পৰিভ্ৰমণ কৰি  বিদ্যালয় প্ৰাংগণত সামৰণি মাৰে । সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰা শোভাযাত্ৰাৰ পাছতে দুপৰীয়া  নিকেতনৰ মণ্ডপত অনুষ্ঠিত হয় মুকলি সভা ।  উদযাপন সমিতিৰ সভাপতি নৱ দলেৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিকেতনৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমান পর্যন্ত সেৱা আগবঢ়াই  শিক্ষানুষ্ঠানৰ উত্তৰণত মেটমৰা অৱদান আগবঢ়াই অহা মুঠ ১৪৪ গৰাকী মাতৃ ভাৰতী, প্ৰাক্তন আৰু বৰ্তমানৰ পৰিচালনা সমিতিৰ সভাপতি,সম্পাদক,প্ৰধান  আচাৰ্য , আচাৰ্য ,আচাৰ্যা  আৰু  ১৬৫ গৰাকী প্ৰাক্তন শিক্ষাৰ্থীক মান্যতা প্ৰদানেৰে  সম্বৰ্ধনা  জনোৱা হয় । নিকেতনৰ  শিক্ষাৰ্থী সকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল হৈ পৰা শুভাৰম্ভনি অনুষ্ঠানত এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত হয়। উল্লেখ্য যে পুৱাই গছপুলি ৰোপণ ,স্মৃতি তৰ্পণৰ পাছতে বিদ্যালয় চৌহদত  ৭ লাখ ৮০হাজাৰ  ব্যয় সাপেক্ষ অনাময় আৰু চৌহদ উন্নীতকৰণৰ  দুটা আধাৰশিলা স্থাপন কৰে । তাৰোপৰি  নিকেতনৰ মূল প্ৰৱেশ তোৰণখন প্ৰয়াত বিশিষ্ট ব্যবসায়ী ভোলা হাজৰিকাৰ সশ্ৰদ্ধ স্মৃতিত  হাজৰিকাৰ পৰিয়ালবৰ্গই নিৰ্মান কৰি দিয়াৰ দায়িত্ব গ্ৰহন কৰি সোমবাৰে  পৰিয়ালৰ গৰিষ্ঠ সংখ্যক সদস্যৰ উপস্থিতিত নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰা হয়। 
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.