শক্তিশালী শিক্ষা আন্দোলন গঢ় দিয়াৰ লগতে মানৱ সম্পদ নিৰ্মাণ কৰাত অৰিহণা যোগাবলৈ শিক্ষানুষ্ঠানসমূহক আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0 138

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰথমে ডিব্ৰুগড় জিলাৰ মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে।ইয়াৰ পাছতেই তেখেতেই লাহোৱাল মহাবিদ্যালয় ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে।সৰ্বানন্দ সোণোৱালে মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত ভাষণ প্ৰসংগত কয়,এই শিক্ষানুষ্ঠানখনে বিগত পঁচিশটা বছৰে শিক্ষাৰ পোহৰ বিলাই সমগ্ৰ অঞ্চলটোক বৌদ্ধিক ভাৱে প্ৰাণৱন্ত কৰি ৰাখিছে । স্থানীয় ৰাইজৰ সহযোগত বিদ্যালয়খনে এটি শক্তিশালী শিক্ষা আন্দোলন গঢ় দিয়াৰ লগতে মানৱ সম্পদ নিৰ্মাণ কৰাত অৰিহণা যোগাইছে।আজিৰ এই শুভ ক্ষণত বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী প্ৰমুখে সংশ্লিষ্ট সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।তেখেতে শিক্ষক সমাজ আৰু অভিভাৱক সকলক উদ্দেশ্যি কয়,এখন শক্তিশালী সমাজ তথা এটা শক্তিশালী জাতি গঠন প্ৰক্ৰিয়াত নৱপ্ৰজন্মৰ ভূমিকা হ’ব পাৰে সুদূৰপ্ৰসাৰী।সেয়েহে নতুন যুগৰ জাগ্ৰত প্ৰহৰী নতুন প্ৰজন্মক উচিত সংস্কাৰ দিব লাগিব, সাংস্কৃতিক মনৰ অধিকাৰী কৰি তুলিব লাগিব, সুস্থ-সৱল মন তথা শৰীৰৰ অধিকাৰী তুলিব লাগিব আৰু বিভিন্ন দিশত পাৰ্গত কৰি তুলিব লাগিব।এই ক্ষেত্ৰত আগভাগ ল’বলৈ শিক্ষক সমাজ আৰু অভিভাৱকসকলক মই আন্তৰিকতাৰে আহ্বান জনালোঁ।

তদুপৰি সৰ্বানন্দ সোণোৱালে কয় এখন শিক্ষানুষ্ঠান খনে তিনিটা ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী।এই তিনিটা ক্ষেত্ৰ হৈছে শিক্ষা,ক্ৰীড়া আৰু সংস্কৃতি।শিক্ষাই আমাক জ্ঞানৰ পোহৰ দিয়াৰ লগতে বৌদ্ধিক উৎকৰ্ষ সাধন কৰে,ক্ৰীড়াই আমাক সুস্থ-সবল কৰি তোলাৰ লগতে শৃংখলাবদ্ধতাৰ শিক্ষা দিয়ে আৰু সংস্কৃতিয়ে মানুহক সৰলতা,সহিষ্ণুতা আৰু সংস্কাৰ প্ৰদান কৰে।সেয়েহে এই তিনিটা বিন্দুত বিশেষকৈ গুৰুত্ব দিবলৈ মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়কো আন্তৰিকতাৰে আহ্বান জনাইছোঁ।আনহাতে লাহোৱাল মহাবিদ্যালয়তো সৰ্বানন্দ সোণোৱালে শিক্ষা,ক্ৰীড়া আৰু সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ উপৰি গুণগত শিক্ষাৰ নিৰৱচ্ছিন্ন প্ৰসাৰৰ দিশত মহাবিদ্যালয়খনৰ ভূমিকাৰ শলাগ লয়।ভাষণ প্ৰসংগত তেখেতে আয়ুষ মন্ত্ৰালয় আৰু বন্দৰ,জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰালয়ৰ কাম কাজৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক চমু আভাষ দিয়ে।তেওঁ কয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সবল নেতৃত্বত দেশৰ আগন্তুক অমৃতকাল অৰ্থাৎ স্বাধীনতাৰ এশ বছৰ সম্পূৰ্ণ হোৱালৈ-ভাৰতবৰ্ষক আত্মনির্ভৰ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।এইক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিবলৈ যুৱ সমাজক মই বিশেষকৈ আহ্বান জনাইছোঁ।জলবায়ু পৰিৱৰ্তন এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত প্ৰকৃতিৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধাশীল হৈ প্ৰকৃতিৰ সুৰক্ষা, সংৰক্ষণৰ দিশত মনোনিবেশ কৰাৰ বাবে নৱপ্ৰজন্মক সোণোৱালে বিশেষকৈ আহ্বান জনায় আৰু লগতে কয় যে সুস্বাস্থ্যৰ শক্তিশালী আধাৰ হৈছে আয়ুষ আহাৰ আৰু যোগ্য।বৰ্তমান বিশ্বজুৰি সমাদৃত যোগক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে আঁকোৱালি লৈ সুস্থ মন আৰু শৰীৰৰ অধিকাৰী হৈ একো একোগৰাকী সুনাগৰিক হিচাপে নিজকে গঢ় দিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় সোনোৱালে।সোনোৱালে আজি দুয়োখন সভাত উপস্থিত সকলোকে নৱবৰ্ষৰ ২০২৩ আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক ওলগ জনায়।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা,ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, মৰিছা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা লাহোৱাল মহাবিদ্যালয় অধ্যক্ষ প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল আৰু শিক্ষাবিদসকল।

Leave A Reply

Your email address will not be published.