শতবৰ্ষ গৰকা পূজাস্থলীৰ সফল সামৰণি

0 232

পশ্চিম গুৱাহাটীৰ ৰাণী সজ্জনপাৰাত শ্ৰীশ্ৰী বুঢ়ী গোঁসানী (দূৰ্গাদেৱী) মন্দিৰত উপৰদানী তালুকৰ উদ্যোগত ঐতিহ্যমণ্ডিত ৰাণী ৰাজৰ ৰাজ বংশানুক্ৰমে প্ৰচলিত দূৰ্গা পূজাৰ শতবৰ্ষ উৎসৱ যোৱা ৩ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ ছয়দিনীয়া কাৰ্য্যসূচীৰে সফলতাৰে উদযাপন কৰে। ৩ অক্টোবৰৰ পুৱা তালুকৰ মূল পতাকা উত্তোলনৰে শতবৰ্ষ দূৰ্গাপূজাৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়োৱে আৰু স্মৃতি তৰ্পন কৰে উপদেষ্টা নবীন চন্দ্ৰ বড়োৱে। আনহাতে শতবৰ্ষ দূৰ্গাপূজাৰ লগত সংগতি ৰাখি দিনৰ ১০.৩০ বজাত উলিওৱা বিশাল বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে স্থানীয় বিধায়ক তথা এমন্ত্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সন্ধিয়া পূজাস্থলীত ১০০ গৰাকী জ্যেষ্ঠ ব্যক্তিসকলে ১০০ গছি বন্তি প্ৰজ্বলন কৰে। আনহাতে ৪ অক্টোবৰৰ সন্ধিয়া দেৱীৰ বোধনৰে দূৰ্গাপূজাৰ ধৰ্মীয় কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। ৫ অক্টোবৰ সপ্তমীৰ দিনা ধৰ্মীয় কাৰ্যসূচীৰ উপৰিও পূজাৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী, আধুনীক নৃত্য, সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া শতবৰ্ষ দূৰ্গাপূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৰাভা হাচাং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে ৬ অক্টোবৰ দূৰ্গাপূজাৰ মহাষ্টমী উপলক্ষে পুৱাৰে পৰা মন্দিৰৰ চৌহদত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত হৈ পৰে‌। মন্দিৰৰ কৰ্মকৰ্তা শ্যাম ৰাভাই জানিবলৈ দিয়ামতে মহাষ্টমীৰ দিনা মন্দিৰত চাৰিটাকৈ মহ বলি দিয়াৰ লগতে ১৫ টাকৈ মহ এৰি দিয়ে। ৮ অক্টোবৰ বিজয়া দশমীৰ দিনা অপৰাজিতা পূজা আৰু বলয় গ্ৰহণৰ পিছত শতবৰ্ষ গৰকা দূৰ্গাপূজাৰ সফল সামৰণি পৰে।

Leave A Reply

Your email address will not be published.