নৈপাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত এইবাৰ অনুষ্ঠিত হ’ব শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ। নাটকক ৰাইজৰ অধিক কাষ চপাই অনাৰ লক্ষ্যৰে শব্দ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱে গ্ৰহণ কৰিছে এক অভিনৱ প্ৰয়াস । নৈ পৰীয়া ২০১৯ শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ শীৰ্ষক নাট মহোৎসৱখনি যোৰহাট মৰিয়নীৰ নকচাৰী মিল গাঁৱত গ্ৰাম্য পটভূমিৰ নৈ পাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত আয়োজন কৰা হৈছে। বোৱাতি টীয়ক নদীৰ পাৰৰ এটা বালি চাপৰি হ’ব নাটকৰ মঞ্চ। আনহাতে আনটো পাৰত এডৰা বাঁহনীৰ তলত বাঁহৰ বেঞ্চত বহি নাট উপভোগ কৰিব দৰ্শকে। ৪ জানুৱাৰী পৰা ৯ জানুৱালীকৈ হ’বলগীয়া নৈ পৰীয়া নাট মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰী নাট্যগোষ্ঠীৰ ১২ খন বচা বচা নাটক প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত মুম্বাইৰ মুচকান থিয়েটাৰ লেবৰ ভয়চ অব দাম্বছ, পশ্চিম বংগৰ কোনোগৃহ বধু আৰু ডাকঘৰ নাটককেইখন অন্যতম। আনহাতে অসমৰ ৰবিজিতা গগৈয়ে পৰিচালনা কৰা জিৰছাং থিয়েটাৰৰ আত্মজ, যোৰহাট ড্ৰামা একাডেমীৰ ন’মফবিয়াকে ধৰি দুলিয়াজানৰ পথাৰ নাট্য গোষ্ঠীৰ ৰাজবধু, নকছাৰী গিৱন কুশলীৱৰ ড০ জিণ্টু হাজৰিকায়ে ৰচনা পৰিচালনা কৰা যুঁজাৰু দ্যা ফাইটাৰকে ধৰি মুঠ ১২ খন নাট মঞ্চস্থ হ’ব। অহা ৪ জানুৱাৰী ৰ পৰা ১০ জানুৱাৰী লৈ দিনৰ এক বজাৰ পৰা চাৰি বজালৈ দৈনিক দুখনকৈ নাটক প্ৰদৰ্শিত হ’ব। নাট্য মহোৎসৱ স্থলীক মিছিং শব্দ মুৰং নামেৰে নামাকৰণ কৰা লগতে মিচিং পৰম্পৰা ৰক্ষা কৰি বাঁহ, খেৰ, কাঠ আৰু তঙ্গলেৰে সাজি উলিয়াইছে মঞ্চ, মণ্ডপ, গ্ৰীণ ৰূপ আৰু অতিথি শালা আদি। আনহাতে নাট্য মহোৎৱত অংশগ্ৰহণ কৰিবলৈ অহা নাট্য গোষ্ঠী সমুহৰ অভিনয় শিল্পী সকলেও নৈ পাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত মুকলি মঞ্চত অভিনয় কৰিবলৈ আহি ৰোমাঞ্চিত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। নাট্য মহোৎসৱৰ প্ৰৱেশ বিনামূলীয়া বুলি জানিবলৈ দিছে উদযাপন সমিতি শব্দৰ হৈ উজ্বল পাওগামে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈ।
Trending
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান
- বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্রহণ
- অন্ধ্ৰপ্ৰদেশৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ পলাশবাৰী – চানডুবি পথ পৰিদৰ্শন – অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক ভূয়সী প্ৰশংসা
- ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষা
- এয়াৰটেলে স্পামক ক্ৰেক কৰিলে, স্পাম চিনাক্তকৰণৰ বাবে ভাৰতৰ প্ৰথম AI-চালিত নেটৱৰ্ক চলুশ্বন মুকলি কৰিলে
- ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ-অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ
- অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ- মুখ্যমন্ত্ৰীক আনুষ্ঠানিক কৃতজ্ঞতা অগপৰ
- NECTAR Conducts STEM Workshop for Meghalaya Teachers, Boosting Science and Tech Education
- নতুনকৈ সৃষ্টি কৰা উপ-জিলা(সম জিলা)ৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ সামৰ্থ বৃদ্ধি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে