শিশু দিৱসৰ আঁত ধৰি..

0 366

আজি ১৪ নৱেম্বৰ অৰ্থাৎ শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰু জন্মদিন। জৱাহৰলাল নেহৰু দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী আছিল।তেখেতে ১৮৮৯ চনৰ ১৪ নৱেম্বৰত জন্মগ্ৰহণ কৰিছিল। নেহেৰুৱে শিশু সকলক খুব ভাল পাইছিল, মৰম কৰিছিল।বিশেষকৈ শিশু সকলৰ শিক্ষা আৰু অধিকাৰ ওপৰত গুৰুত্ব দিছিল।
 
শিশু সকলে তেখেতক ছাছা বুলি সম্বোধন কৰিছিল।আৰু তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলিও কোৱা হয়।তেখেতৰ এই জন্মদিনটো ১৯৬৪ ৰ ১৪ নৱেম্বৰ পৰা শিশু দিৱস হিচাপে পালন কৰা হয়।
তেখেতৰ আদৰ্শ বহুতৰ বাবে প্ৰেৰণাদায়ক আছিল।তেখেতৰ দৰ্শন আছিল এনেধৰণৰ- অসফল আমি তেতিয়াই হওঁ, যেতিয়া আমি নিজৰ আদৰ্শ আৰু সিদ্ধান্ত সমূহ পাহৰি যাওঁ।নেহেৰুৱে ১৪ নৱেম্বৰ এটা বিশেষ দিনত এখন সভাত শিশু সকলৰ উদ্দেশ্যি এইষাৰ কথা কৈছিল- আজি শিশু কালিলৈ দেশৰ নাগৰিক সেয়েহে আমি দেশৰ ভবিষ্যতৰ সম্পদক গুৰুত্ব দিয়া উচিত।এইগৰাকী মহান মনিষীক আজি দিনটোত শ্ৰদ্ধাৰে সোৱঁৰিছোঁ।

Leave A Reply

Your email address will not be published.