শিৱসাগৰত অভিভাৱক মন্ত্ৰীৰ দ্বাৰা জল জীৱন মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা

0 185

অসমৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যোৱা ৩১ জুলাই তাৰিখে শিৱসাগৰ জিলাৰ আবৰ্ত ভৱনত অনুষ্ঠিত এখন সভাত উপায়ুক্ত বিষ্ণু কমল বৰাৰ উপস্থিতিত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ সৈতে “জল জীৱন মিছন” -ৰ অধীনত ৰূপায়ণ হৈ থকা বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ আঁচনি সমূহৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰে।
সভাত অভিভাৱক মন্ত্ৰী গৰাকীয়ে “জল জীৱন মিছন”ক কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ কাৰ্যসূচী বুলি উল্লেখ কৰি বিভাগীয় বিষয়াসকলক ইয়াৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ আঁচনি সমূহ ক্ষীপ্ৰতাৰে তথা ফলপ্ৰসূ ভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জিলাখনৰ অংগনৱাদি কেন্দ্ৰসমূহৰ লগতে প্ৰাথমিক বিদ্যালয় সমূহৰ পানী যোগান ব্যৱস্থাৰ সমীক্ষা কৰি যিসমূহত পানী যোগান ব্যৱস্থা নাই, সেই সমূহকো এই আঁচনিৰ আওতাত আনিবলৈ কয়। তেওঁ “জল জীৱন মিছন”ৰ অধীনত চাহ বাগিচা এলেকা সমুহতো বিশুদ্ধ খোৱা পানী যোগানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। জিলাখনত “জল জীৱন মিছন”ৰ অধীনস্থ আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা তথা সমস্যা সমূহৰ বিষয়ে বিভাগীয় বিষয়া সকলক উপায়ুক্তৰ মাধ্যমেৰে তেওঁক অৱগত কৰিবলৈ অভিভাৱক মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। তেওঁ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ লগত প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।
সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল শইকীয়া, জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ জিৎ কাকতি, অতিৰিক্ত আয়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ শ্যাম আৰু অন্যান্য বিভাগীয় বিষয়া সকলৰ লগতে সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী আৰু ময়ূৰ বৰগোঁহাই উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.