শিৱসাগৰত উপায়ুক্তৰ অধ্যক্ষতাত ঈদগাহ সমিতি সমূহৰ বিষয় ববীয়াৰ সৈতে বৈঠক সম্পন্ন

0 254

সাম্প্ৰতিক সময়ত বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছ ৰোগৰ সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি তথা জিলাখনত ইয়াৰ গনসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশনামৰ্মে কেতবোৰ সতৰ্কতামূলক নীতি-নিৰ্দেশনা জাৰি কৰি সমূহ ইছলামধৰ্মী ৰাইজক এই সমূহ পালন কৰিবলৈ আহ্বান জনাইছে।
 
 
শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ অধ্যক্ষতাত জিলাখনৰ ঈদগাহ সমিতি সমূহৰ বিষয় ববীয়া সকলৰ লগত আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত এই সন্দৰ্ভত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
 
 
 
সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তই সমুহ ইছলামধৰ্মী ৰাইজৰ লগতে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে প্ৰতিগৰাকী শিৱসাগৰবাসীলৈ শান্তি আৰু সমন্বয়ৰ উৎসৱ ঈদ উজ জোহাৰ ওলগ আৰু শুভেচ্ছা জনোৱাৰ লগতে অনাড়ম্বৰপূৰ্ণভাৱে পবিত্ৰ ঈদ উদযাপন কৰিবলৈ সমূহ ইছলামধৰ্মী ৰাইজক আহ্বান জনায়।
 
 
 
আগন্তুক ঈদ উজ.জোহা উদযাপনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা জামাত বা মছজিদত সামুহিক নামাজ পঢ়াৰ বিপৰীতে সকলোৱে নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি হেঁপাহৰ পবিত্ৰ উৎসৱটি পালন কৰিবলৈ আহ্বান জনায়। মছজিদত তিনিজনতকৈ বেছি লোকে নামাজ পঢ়িব নোৱাৰিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
 
 
দেশত যিহেতু মাৰাত্মক ক’ৰণা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে, সেয়ে গণসংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সমূহ ৰাইজক উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।
 
 
ক’ভিড-১৯ সন্দৰ্ভত জিলাখনৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও আলোকপাত কৰে। সভাত উপস্থিত সকলোকে নিজ নিজ অঞ্চলৰ ৰাইজক স্ব-ইচ্ছাই জিলাখনত স্থাপন কৰা স্বাৱ পৰীক্ষা কেন্দ্ৰ সমূহত গৈ স্বাৱ পৰীক্ষা কৰিবলৈ আগবাঢ়ি আহিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। এনে পদক্ষেপৰ দ্বাৰা ক’ভিড-১৯ ৰ গণসংক্ৰমণ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলি তেখেতে মন্তব্য কৰে।
 
ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈ যদি কোনো মুছলমান ব্যক্তিৰ মৃত্যু হয়, তেনে ক্ষেত্ৰত কিছু সংখ্যক ৰাইজে তেনে ব্যক্তিক  নিজৰ জামাতৰ অধীনত থকা কবৰ স্থানতে জানাজা সম্পন্ন কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত উপায়ুক্ত গৰাকীয়ে উপস্থিত ঈদগাহ সমিতি সমূহৰ বিষয় ববীয়াৰ মতামত বিচাৰে।
 
 
সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে অসম চৰকাৰ আৰু জিলা প্ৰশাসনে জাৰি কৰা নীতি.নিৰ্দেশনা সমূহ মানি তথা সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে আগন্তুক ঈদ-উজ-জোহা উদযাপন কৰিবলৈ আহ্বান জনায়। তেখেতে লগতে ক’ভিড-১৯ ৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওচৰ চুবুৰীয়া সকলে একত্ৰিত হৈ ঈদৰ নামাজ নপঢ়িবলৈও আহ্বান জনায়।
 
সভাত উপস্থিত থকা জিলাখনৰ ঈদগাহ সমিতি সমূহৰ বিষয়-ববীয়া সকলে জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় আৰু ঈদ উদযাপন সন্দৰ্ভত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰো আশ্বাস প্ৰদান কৰে।সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে…

Leave A Reply

Your email address will not be published.