শিৱসাগৰত স্থানীয় সমবায় সমিতিৰ উদ্যোগত গ্ৰহণ কৰা সমূহীয়া কৃষি কাৰ্যৰ শুভাৰম্ভ

0 262

অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ন আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শিৱসাগৰ জিলাৰ জয়সাগৰ স্থিত ডিমৌ পথাৰত ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত ১৪৫ বিঘা মাটিত গ্ৰহণ কৰা কঠিয়া সিঁচা কাৰ্যসূচীৰ অনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। সমবায় সমিতি খনৰ সদস্য সকলৰ লগতে কৃষিজীৱী ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে কৃষি মন্ত্ৰী গৰাকীয়ে নিজে পথাৰত নামি গৈ কঠিয়া সিচে। তেওঁৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰী সমষ্টিৰ ধৰ্মেশ্বৰ কোঁৱৰেও শালি ধানৰ কঠিয়া সিঁচে।
এই সমূহীয়া কৃষি কাৰ্যৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত কৃষি মন্ত্ৰী অতুল বৰাই বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত গ্ৰহণ কৰা সমূহীয়া কৃষি কাৰ্যক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আখ্যা দি সমবায় সমিতিৰ এই কাৰ্যই কৃষিকৰ্মত মনোনিবেশ কৰিবলৈ গাঁৱৰ ৰাইজক উৎসাহিত কৰিব বুলি উল্লেখ কৰে। তেওঁ কেন্ত্রীয় তথা ৰাজ্য চৰকাৰে কৃষি তথা আনুষংগিক খণ্ড সমূহৰ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি কয়। গ্রাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ বাবে কৃষি খণ্ডত অধিক মনোনিবেশ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিগত বৰ্ষত ৰাজ্যখনত উৎপাদিত শস্য বিদেশৰ বজাৰত প্ৰেৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ভিডৰ সমস্যা দূৰ হলে এই প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ’ব। তেওঁ সমবায় সমিতি সমূহক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ বিভাগীয় বিষয়া সকলক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰা বুলি অৱগত কৰে। তেওঁ কয় যে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য ধাৰ্য কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ কৃষিজীৱী ৰাইজ, কৃষি বিভাগ তথা প্ৰশাসনে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত ল’ব লাগিব বুলি তেওঁ উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ অসম চৰকাৰে কৃষিখণ্ড আৰু কৃষকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰি ৰাইজক এই সমূহৰ দ্বাৰা লাভান্বিত হ’বলৈ আগবাঢ়ি আহিবলৈ কয়। তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰূপে গঢ়ি তোলাৰ সপোন সাৰ্থক কৰাৰ বাবে ৰাজ্যত এক শক্তিশালী কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষক সকলক একেডৰা মাটিতে বছৰত দুবাৰ-তিনিবাৰ কৈ খেতি কৰিবলৈ মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ ফাৰ্মাৰছ প্ৰডিউচাৰ্ছ কোম্পানীৰ লগতে ভবিষ্যতে ৰাজ্যখনত বৃহৎ বজাৰ, কোল্ড ষ্টৰেজ, কোল্ড ৰুম আদি গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱাৰ কথা উল্লেখ কৰে।
সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে সমবায় সমিতিখনে হাতত লোৱা সমূহীয়া কৃষি কাৰ্যৰ এই প্ৰচেষ্টাৰ ভূয়সী শলাগ লৈ এনে পদক্ষেপ নৱ প্ৰজন্মৰ বাবে অনুকৰণীয় হ’ব বুলি মত পোষণ কৰে। সমবায় সমিতিৰ লগত জড়িত সদস্য সকল আৰ্থিক ভাৱে লাভান্বিত হোৱাৰ লগতে এনে পদক্ষেপে নিবনুৱা সমস্যা সমাধানৰ পথো প্ৰশস্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কৃষি বিভাগৰ দ্বাৰা প্ৰদান কৰা সা-সুবিধা সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ পোষকতা কৰে। তেওঁ কয় যে, পথাৰ আৰু বজাৰ দখল কৰিব পাৰিলে অসমখন স্বাৱলম্বী হ’ব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে, বানপানী তথা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে শেহতীয়া ভাৱে উপায়ুক্ত সকলক কৰ্তৃত্ব প্ৰদান কৰা হৈছে।
আজিৰ সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে নিজ বক্তব্যত বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ পদক্ষেপৰ দ্বাৰা যুৱ-প্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ’ব বুলি মত প্ৰকাশ কৰে। সমবায় সমিতিখনে কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ এই পদক্ষেপ সুদূৰ প্ৰসাৰী হ’ব বুলি বিশ্বাস ব্যক্ত কৰে। সাংসদ গৰাকীও কৃষক সকলক বছৰৰ দুবাৰ- তিনিবাৰকৈ খেতি কৰি লাভান্বিত হ’বলৈ আহ্বান জনায়।
সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডে সমূহীয়া কৃষি কাৰ্যৰ পদক্ষেপ গ্ৰহণৰ দ্বাৰা স্বাৱলম্বী আৰু স্ব-নিৰ্ভৰশীল হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বুলি উল্লেখ কৰে। এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণক তেওঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ সমবায় ব্যৱস্থাপনাক এক আন্দোলন ৰূপে গঢ়ি তোলাৰ পোষকতা কৰে।
এই সভাত নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, জিলা কৃষি বিষয়া নীহাৰ ৰঞ্জন বৰুৱা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে।
ইয়াৰ পিছত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই স্থানীয় আবৰ্ত ভৱনত তেওঁৰ অধীনস্থ বিভাগ সমূহ যেনে- কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, সমবায় আদি বিভাগৰ জিলা পৰ্য্যায়ৰ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী গৰাকীয়ে এই বিভাগ সমূহৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে বিভাগ সমূহে সন্মুখীন হোৱা অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে সবিস্তাৰে উপায়ুক্তৰ মাধ্যমেৰে অৱগত কৰিবলৈ কয়। এই সমস্যা সমূহৰ সমাধানকল্পে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। বৈঠকত তেওঁ আগন্তুক সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে বিভাগীয় প্ৰস্তুতি সম্পৰ্কেও বুজ লয়। তেওঁ লগতে অসম-নাগালেণ্ড সীমান্তত অৱস্থিত সীমান্ত আৰক্ষী চকী, শান্তি-শৃংখলাৰ পৰিস্থিতি, যাতায়ত ব্যৱস্থা, বিদ্যুৎ যোগান, খোৱাপানীৰ ব্যৱস্থা আদি সম্পৰ্কে বিস্তৃত ভাৱে বুজ লয়।
মন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকত উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ ক’ভিড-১৯ নিয়ন্ত্ৰণ ব্যৱস্থাপনা সন্দৰ্ভত এক অৱলোকন কৰে।
বৈঠকত দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাৰ লগতে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.