শিৱসাগৰত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ আৰু ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

0 224

সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাতো যোৱা ১৬ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচী আৰু ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এবছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু-কিশোৰক সুস্থ-সৱল কৰি ৰখাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ আৰু ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।
উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এই অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে নিজ বক্তব্যত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযান আৰু ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলাখনৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে, এই দুই অভিযান অহা ১৪ ছেপ্টেম্বৰলৈ মাহজোৰা কাৰ্যসূচীৰে অব্যাহত থাকিব। জিলাখনৰ ১ ৰ পৰা ১৯ বছৰ বয়সলৈ মুঠ ৩,০১,৪৫৫ শিশু- কিশোৰক লক্ষ্য হিচাপে লৈ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযান আৰু ১ ৰ পৰা ৫ বছৰ বয়সলৈ মুঠ ৭৫,০০০ গৰাকী শিশুক লক্ষ্য হিচাপে লৈ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি তেওঁ অৱগত কৰে।
উপায়ুক্ত গৰাকীয়ে নিজ বক্তব্যত ক’ভিড-১৯ প্ৰতিহত কৰাৰ যুঁজত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ অশেষ কষ্ট স্বীকাৰ কৰি তৃণমূল পৰ্য্যায়ত কাম কৰা প্ৰতিগৰাকী আশাকর্মীৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে জিলাখনৰ শিশু-কিশোৰক পেলুমুক্ত কৰি নিৰোগী আৰু স্বাস্থ্যবান কৰাৰ লগতে শিশু সকলক ডায়েৰিয়ামুক্ত কৰি ৰাখিবলৈ স্বাস্থ্য বিভাগক আহ্বান জনায়।
উল্লেখযোগ্য যে, ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা শিক্ষানুষ্ঠানৰ লগতে অঙ্গনৱাদী কেন্দ্ৰ সমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ পেলুনাশক টেবলেট ‘এলবেন ডাজল’ আৰু ডায়েৰিয়া নিয়ন্ত্ৰণৰ বাবে অ’. আৰ. এছ. -ৰ পেকেট আৰু জিংক টেবলেট প্ৰদান কৰিব।
সভাৰ তাৎপৰ্য ব্যাখ্যা কৰে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই। সভাত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগৰ লগতে ভালেসংখ্যক আশাকৰ্মী, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.