কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নিকটৱৰ্তী টেপেছিয়া গাঁও উন্নয়ন কমিটিৰ সৌজন্যত টেপেছিয়া জনজাতীয় প্ৰাথমিক বিদ্যালয় খেলপথাৰত বৃহত্তৰ অঞ্চলটোৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হোৱা ৩১ (একত্ৰিশ)গৰাকী ছাত্র- ছাত্রীক কালি বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে গাঁও উন্নয়ন কমিটিৰ সভাপতি সুৰেন্দ্ৰ বড়োৱে। উদ্দেশ্যে ব্যাখ্যা কৰে কমিটিৰ সম্পাদক বিদাস কাঠাৰে। সভাত কমিটিৰ উপদেষ্টা তথা সৰবৰহী ব্যক্তি গুণেশ্বৰ দেউৰী, বয়োজ্যেষ্ঠ নাগৰিক তথা সমাজকৰ্মী বীৰেন চন্দ্র বড়ো, সমাজকৰ্মী প্ৰদীপ শৰ্মা, নন্দি কাঠাৰ, ভাস্কৰ চিত্ৰ, অৰ্জুন বড়োয়ে বক্তব্য দাঙি ধৰি ছাত্র- ছাত্রী সকলৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ