অগ্ৰণী উচ্চাৰণ অভিধান উন্মোচন, ভাষা -সাহিত্যৰ সংৰক্ষণত অভিধানৰ ভূমিকা অপৰিসীম- ড° ননীগোপাল মহন্ত

0 263

ভাষা-সাহিত্যৰ সংৰক্ষণৰ বাবে অভিধানসমূহৰ ভূমিকা অপৰিসীম।অভিধানসমূহেই এটা ভাষাৰ ৰক্ষণাৱেক্ষণত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।পৃথিৱীৰ সকলো ভাষাৰ দৰে অসমীয়া ভাষাৰ সংৰক্ষণত অভিধানসমূহৰ গুৰুত্বপূৰ্ণ পালন কৰি আহিছে।বিশিষ্ট লেখক ,অভিধান প্ৰণেতা সুমন্ত চলিহাই কুৰি বছৰীয়া পৰিশ্ৰম আৰু গৱেষণাৰে প্ৰস্তুত কৰি উলিওৱা ‘অগ্ৰণী উচ্চাৰণ অভিধান’ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই আজি এইদৰে কয়।অসম প্ৰকাশন পৰিষদৰ বামুনিমৈদামস্থিত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি মহন্তই আৰু লগতে কয় উচ্চাৰণ সঠিক নহ’লে একোটা শব্দৰ বেলেগ বেলেগ ৰূপ হ’ব পাৰে।গতিকে ৰূপ সলনি নোহোৱাকৈ শব্দৰ সঠিক উচ্চাৰণ অতি প্ৰয়োজনীয়।অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দীপ্তি ফুকন পাটগিৰীয়ে অভিধান এখন ৰাইজৰ সন্মুখত উন্মোচন হোৱাৰ দিনটো এক ঐতিহাসিক দিন হিচাপে বিবেচিত হয় বুলি উল্লেখ কৰে।সুমন্ত চলিহাৰ এই অভিধানখনৰ বাবে আজি দিনটো স্মৰণীয় দিন হিচাপে অসমীয়া ৰাইজৰ মাজত বিশেষ সমাদৃত হৈ থাকিব।
আজিৰ অনুষ্ঠানত বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ড° দয়ানন্দ বৰগোহাঁই,ড° উপেন ৰাভা হাকাচাম ,ড° গোবিন্দ চন্দ্ৰ টাইড, সুশীল কুর্মী,ৰূপম বৰুৱা, ড° ছাইদুল ইছলাম প্ৰভৃতি ব্যক্তি সকলেও অংশগ্ৰহণ কৰে। অইল ইণ্ডিয়া লিমিটেড মুখ্য মহাপ্ৰবন্ধক সন্দীপ গোস্বামী, অৱসৰপ্ৰাপ্ত মুখ্য মহা প্ৰবন্ধক ৰাজীৱ গোস্বামী আৰু অৱসৰপ্ৰাপ্ত মহাপ্ৰবন্ধক দিলীপ ভূঞা উপস্থিত থাকে।অইল ইণ্ডিয়া লিমিটেডৰ অৰ্থ সাহাৰ্য্য প্ৰকাশিত এই অগ্ৰণী উচ্চাৰণ অভিধান খনৰ উন্মোচন অনুষ্ঠানত অংশগ্ৰহণ কৰি গ্ৰন্থ প্ৰণেতা সুমন্ত চলিহাই কয়,ভাষা একোটাৰ প্ৰতিটো শব্দৰ উচ্চাৰণৰ ব্যাকৰণৰ দ্বাৰা সুত্ৰাবন্ধ কৰাটো সম্ভৱ নহয়। কিয়নো শিথিল ভাৱে কবলৈ হ’লে শব্দসমূহৰ উচ্চাৰণৰ বেলিকা নিয়মতকৈ ব্যতিক্ৰমৰ সংখ্যা হে অধিক। তেনে ক্ষেত্ৰত প্ৰতিটো শব্দৰ উচ্চাৰণ গাই গুটীয়াকৈ নিৰ্দেশ কৰাৰ পদ্ধতিয়েই সকলোতকৈ সুবিধাজনক।ইংৰাজীকে মুখ্য কৰি পৃথিৱীৰ প্ৰতিটো ভাষাৰ ক্ষেত্ৰত এই নীতিটোৱেই অনুসৰণ কৰা দৃষ্টিগোচৰ হৈছে।ভাষণ প্ৰসংগত চলিহাই কয় যে প্ৰসিদ্ধ ভাষাতত্ববিদ ড° গোলোক চন্দ্ৰ গোস্বামী দৰে ব্যক্তিৰ গুৰুবাক্য শিৰোধার্য কৰি এখন অসমীয়া উচ্চাৰণ অভিধানৰ ৰূপৰেখা মনৰ মাজতে অংকন কৰি কাৰ্যক্ষেত্ৰত আগ্ৰসৰ হোৱা হ’ল। মুঠেই সহজ নোহোৱা এই কামটো কৰিবলৈ যাওঁতে ড° ৰমেশ পাঠক প্ৰভূতি পণ্ডিত সকলৰ উপদেশ তথা সহযোগিতা মই কেতিয়াও পাহৰিব নোৱাৰোঁ।সভাৰ শেষত শলাগ জ্ঞাপন কৰে সচিব প্ৰমোদ কলিতাই।

Leave A Reply

Your email address will not be published.