শিৱসাগৰ জিলাৰ বকতা বাখৰ বেঙেনাত থকা প্ৰায় ৭০০ বছৰ পুৰনি ঐতিহাসিক বাখৰ বেঙেনা গছ জোপা প্ৰচাৰৰ উদেশ্যে শিৱসাগৰ জিলাৰ বকতা নঙলামৰা গড়মুৰৰ পৰা ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তলৈ এক চাইকেল যাত্ৰা আৰম্ভ কৰিছে ধিতাইপুখুৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সৌৰভ গগৈয়ে৷শুকুৰবাৰে পুৱা দহ বজাৰ পৰা এখন চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে ছাত্ৰ জনে৷ চাইকেলৰ আগত ঐতিহাসিক বাখৰ বেঙেনাৰ ফটো আৰু জাতীয় পতাকা লৈ যাত্ৰা কৰিছে যুৱক জনে ৷প্ৰতিদিনে ২০০ কিলোমিটাৰকৈ চাইকেল চলাই ধুবুৰীত উপস্থিত হৈ পুনৰ চাইকেল চলাই গৃহ অভিমুখে যাত্ৰা কৰিব ছাত্ৰ জনে ৷ এই যাত্ৰা কালত ছাত্ৰ জনক সহায়ৰ হাত আগবঢ়াইছে বকতা নেমুগুৰি আৰক্ষী আৰু সংগ্ৰামী যুৱছাত্ৰ পৰিষদৰ সদস্যই৷
Trending
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি