শিৱসাগৰ জিলাত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ লক্ষ্য

0 260

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলাৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে। এই অভিযানৰ অংশস্বৰূপে জিলাখনৰ অন্যান্য অঞ্চলৰ লগতে চাহ বাগিচা সমূহতো ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তোলা হ’ব। এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত জিলাখনৰ চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ সৈতে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উপায়ুক্ত গৰাকীয়ে কয় যে, ক’ভিড-১৯ -ৰ বৰ্দ্ধিত সংক্ৰমণ ৰোধৰ বাবে জিলাখনৰ বাকী অঞ্চলৰ সমান্তৰালকৈ চাহ বাগিচা এলেকা সমূহতো ক’ভিডৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তীব্রতৰ কৰি তুলিব লাগিব। তেওঁ কয় যে, এই উদ্দেশ্য আগত ৰাখি অহা ২১ জুন তাৰিখে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি চলি জিলাখনৰ ১৮ খন চাহ বাগিচাত ২০০ পালিকৈ মুঠ ৩৬০০ পালি ক’ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰাৰ এক লক্ষ্য স্থিৰ কৰা হৈছে। এই প্ৰতিষেধক ১৮ বছৰ বয়সৰ উৰ্ধৰ যিকোনো লোকে গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ অৱগত কৰে। পৰৱৰ্তী পৰ্যায়ত বাকী ৯ খন চাহ বাগিচা সাঙুৰি লোৱা হ’ব বুলি তেওঁ জনায়। এই লক্ষ্যত সফল হ’বলৈ তেওঁ বাগিচা কৰ্তৃপক্ষৰ লগতে শ্ৰমিক সংগঠন সমূহক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পি. পি. ই. কিট ইত্যাদি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ এই প্ৰক্ৰিয়াত প্ৰতিষেধকৰ শূণ্য অপচয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেওঁ চাহ বাগিচা এলেকাৰ লোক সকলক প্ৰতিষেধক লোৱাৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে তেওঁ লোকৰ মনত থকা ভয়-ভ্ৰান্তি-সংশয় আদি আঁতৰাবলৈ ব্যাপক সজাগতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উপায়ুক্ত গৰাকীয়ে ২১ জুনৰ দিনা প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ সজাই-পৰাই তথা বেনাৰ, পোষ্টাৰ আদি লগাই উৎসৱমুখৰ কৰি তুলিবলৈ আহ্বান জনায়।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতিয়ে উল্লেখ কৰে যে, এই প্ৰতিষেধক লাভৰ বাবে অনলাইন মাধ্যমেৰে আগতীয়াকৈ পঞ্জীয়ন কৰাৰ আৱশ্যক নহ’ব। তেওঁ ১৮ বয়সৰ উৰ্ধৰ লোকে প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ আহি থিতাতে অন-চাইট পঞ্জীয়ন কৰি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ চাহ বাগিচাৰ যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে প্ৰতিষেধক লাভ কৰিছে, তেওঁলোকৰ সহায়ত বাগিচাৰ আৱাসী সকলক প্ৰতিষেধক লোৱাৰ বাবে অগ্রহী কৰি তোলাৰ পোষকতা কৰে।
স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত থাকিবলগীয়া প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত ব্যক্তি সকলৰ বিষয়ে উল্লেখ কৰে। তেওঁ প্ৰতিখন প্ৰতিষেধক প্ৰদান কেন্দ্ৰত এজনকৈ চিকিৎসক আৰু একোখনকৈ এম্বুলেঞ্চ থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰে। তেওঁ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত যদি ইণ্টাৰনেটৰ সুবিধা নাথাকে, তেনেক্ষেত্ৰত মেনুৱেল প্ৰক্ৰিয়াৰে নাম পঞ্জীয়ন কৰি প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ইণ্টাৰনেটৰ সুবিধা থকা স্থানৰ পৰা একেদিনাই মাজনিশা ১২:০০ বজাৰ আগতে এই তালিকা পৰ্টেলত আপলোড কৰিব লাগিব বুলি অৱগত কৰে।
আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) বিতোপন নেওগ, সহকাৰী আয়ুক্ত মনালী প্ৰসাদ ৰজক, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ) মুকুল দাসৰ লগতে জিলাখনৰ ভালেসংখ্যক চাহ বাগিচাৰ কৰ্তৃপক্ষ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.