গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত সভা অনুষ্ঠিত

0 315

শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ সভাপতিত্বত আজি উপায়ুক্ত কাৰ্যালয়ৰ চুক্যাফা সভাকক্ষত আগন্ত্তক গণৰাজ্য দিৱস উদযাপন কৰাৰ সন্দৰ্ভত জিলাখনৰ স্বাধীনতা যুঁজাৰু, বিশিষ্ট ব্যক্তি আৰু জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী তথা জিলা খনৰ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷
সভাত গণৰাজ্য দিৱস উদযাপন কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু যদিহে চৰকাৰৰ ফালৰ পৰা কভিড-১৯ সন্দৰ্ভত বিশেষ বাধা আৰোপ কৰা নহয় তেনেহলে বিগত দিন সমূহত কৰি অহাৰ দৰেই এইবাৰো গণৰাজ্য দিৱস উলহ-মালহেৰে আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে আশা প্ৰকাশ কৰে৷ উপায়ুক্ত গৰাকীয়ে গণৰাজ্য দিৱসত সকলো বিভাগ তথা জিলাখনৰ সকলো লোকৰে সহায় সহযোগিতা কামনা কৰে৷
আজিৰ এই সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজাহাৰ আলি, অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা, কবিতা কাকতি কোঁৱৰ, চন্দনা বৰুৱা, শিৱসাগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী আৰু নিৰ্বাচনী বিষয়া পংকজ জ্যোতি বৰা উপস্থিত থাকে৷
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে

Leave A Reply

Your email address will not be published.