মাজনী দেৱী সোঁৱৰণী প্ৰথম শৈক্ষিক বঁটা লাভ কৰে নয়ন ৰঞ্জন শৰ্মাই ৷ বোকাখাত ম’হমাইকী গাঁৱৰ অশান্ত বৰঠাকুৰে তেওঁৰ মাতৃ মাজনী দেৱীৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে ৷ জানিব পৰা মতে বোকাখাত টাউন হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি যাব ৷ চলিত বৰ্ষত বোকাখাত টাউন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশৰে ৫৫২ সৰ্বোচ্চ নম্বৰ লাভ কৰা নয়ন ৰঞ্জন শৰ্মাক প্ৰদান কৰে মাজনী দেৱীৰ পুত্ৰ অশান্ত বৰঠাকুৰে ৷ আজি বোকাখাত টাউন হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সভাত আনুষ্ঠানিকভাৱে আজি বঁটা প্ৰদান কৰা হয় ৷ বঁটাটোৰ লগত মানপত্ৰ, গামোচা, কিতাপৰ টোপোলা, আৰু নগদ ধনো প্ৰদান কৰে অশান্ত বৰঠাকুৰে ৷ প্ৰাক্তন ছাত্ৰ অশান্ত বৰঠাকুৰে নিজৰ ব্যক্তব্যত তেওঁ মাতৃ বিশেষ শিক্ষিত নাছিল যদিও দুটা পুত্ৰ আৰু একমাত্ৰ কন্যাক মানুহ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছিল ৷ মাতৃ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবেই পুত্ৰ অশান্ত বৰঠাকুৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৷ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব পৰিব ৷ প্ৰতি বছৰেই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীক অশান্ত বৰঠাকুৰে মাতৃ সোঁৱৰণীত বঁটা প্ৰদান কৰি যাব বুলি ঘোষণা কৰে ৷ অভিভাৱক সমিতিৰ সভাপতি অজিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক জিতেন শইকীয়া, শিক্ষয়িত্ৰী ৰুমী বৰা, শিক্ষক ডেকনাথ উপাধ্যায়, প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই বক্তব্য প্ৰদান কৰে ৷ সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ৷ সভাত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ মূল্যায়ণ বহী সমূহ অভিভাৱকৰ হাতত প্ৰদান কৰে ৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন