শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰি

0 288

মাজনী দেৱী সোঁৱৰণী প্ৰথম শৈক্ষিক বঁটা  লাভ কৰে নয়ন ৰঞ্জন শৰ্মাই ৷ বোকাখাত ম’হমাইকী গাঁৱৰ অশান্ত বৰঠাকুৰে তেওঁৰ মাতৃ মাজনী দেৱীৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰে ৷ জানিব পৰা মতে  বোকাখাত টাউন হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি যাব ৷ চলিত বৰ্ষত বোকাখাত টাউন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশৰে ৫৫২ সৰ্বোচ্চ নম্বৰ লাভ কৰা নয়ন ৰঞ্জন শৰ্মাক প্ৰদান কৰে মাজনী দেৱীৰ পুত্ৰ অশান্ত বৰঠাকুৰে ৷ আজি বোকাখাত টাউন হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সভাত আনুষ্ঠানিকভাৱে আজি বঁটা প্ৰদান কৰা হয় ৷ বঁটাটোৰ লগত মানপত্ৰ, গামোচা, কিতাপৰ টোপোলা, আৰু নগদ ধনো প্ৰদান কৰে অশান্ত বৰঠাকুৰে ৷ প্ৰাক্তন ছাত্ৰ অশান্ত বৰঠাকুৰে নিজৰ ব্যক্তব্যত তেওঁ মাতৃ বিশেষ শিক্ষিত নাছিল যদিও দুটা পুত্ৰ আৰু একমাত্ৰ কন্যাক মানুহ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছিল ৷ মাতৃ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবেই পুত্ৰ অশান্ত বৰঠাকুৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৷ যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব পৰিব ৷ প্ৰতি বছৰেই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীক অশান্ত বৰঠাকুৰে মাতৃ সোঁৱৰণীত বঁটা প্ৰদান কৰি যাব বুলি ঘোষণা কৰে ৷ অভিভাৱক সমিতিৰ সভাপতি অজিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক জিতেন শইকীয়া, শিক্ষয়িত্ৰী ৰুমী বৰা, শিক্ষক ডেকনাথ উপাধ্যায়, প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই বক্তব্য প্ৰদান কৰে ৷ সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ৷ সভাত দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ মূল্যায়ণ বহী সমূহ অভিভাৱকৰ হাতত প্ৰদান কৰে ৷

Leave A Reply

Your email address will not be published.