শ্ৰাব্য কেছেট উন্মোচন

0 300

বিশ্বজুৰি ক’ৰণা ভাইৰাছৰ আতংক । মহামাৰী সদৃশ এই ভাইৰাছৰ পৰা মুক্তি পাবলৈ সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰী বেচৰকাৰী ভাবে লোৱা হৈছে বিভিন্ন সজাগতামূলক ব্যৱস্থা । জনপ্ৰিয় কণ্ঠশিল্পী গীত নিপুৰ বিহু গীতৰ শ্ৰাব্য কেছেট উন্মোচনীৰ এক অনুষ্ঠানতো শ্ৰাব্য কেছেট উন্মোচন কৰি ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে সজাগ সচেতন হৈ থাকিবলৈ প্ৰতিগৰাকী লোককে আহ্বান জনোৱা হয়।লগতে চাফ চিকুণতাৰে ভাইৰাছ কৰ’নাৰ বিৰুদ্ধে সকলোৱে যুঁজ দি যোৱাৰো সংকল্প লয়।
জাফাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংবাদিক অমল গুপ্ত, চন্দ্ৰ কুমাৰ শইকীয়া , বাবু ৰাভা হাকাচাম, সাংবাদিক দীপজ্যোতি ডেকা , দীপাংকৰ মেধী , ৰিদীপ কলিতা ,আৰ্ছাদ ডানিছ বৰা ,সমাজকৰ্মী সুকমল বসুমতাৰী, বশিষ্ট ৰাজবংশী আৰু কণ্ঠশিল্পী গীত নিপুৱে আনুষ্ঠানিক বিহু গীতৰ শ্ৰাব্য কছেট ” কেনেকৈ বুজাও ” উন্মোচন কৰে।
নিজৰ উন্মোচনী ভাষণত বিশিষ্ট সাংবাদিক অমল গুপ্তাই গীত নিপুৰ বিহুগীতক ভূয়সী প্ৰসংশা কৰাৰ লগতে ৰাইজে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।
বিশিষ্ট সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াইয়ো কণ্ঠশিল্পী গৰাকীৰ প্ৰচেষ্টাৰ শলাগ লৈ এই গীতটোত ৰাইজে নতুনত্বৰ সোৱাদ বুলি উল্লেখ কৰে ।সাংবাদিক বাবু ৰাভা হাকাচামে কয় যে – জীৱনত এবাৰ হ’লেও প্ৰেমত পৰা মানুহে গীত নিপুৱে কণ্ঠদান কৰা “কেনেকৈ বুজাও ” শীৰ্ষক বিহুগীতটো শুনিলে আৰু অধিক ৰোমাঞ্চিত হৈ উঠাটো নিশ্চিত।
ফেচবুক পেজ “মোৰ গীত মোৰ প্ৰেম”ত উপলদ্ধ “কেনেকৈ বুজাও” শীৰ্ষক প্ৰেম বিষাদৰ ৰসেৰে পৰিপূৰ্ণ এই বিহুগীতটোৰ গীতিকাৰ সাংবাদিক কুঞ্জ মোহন ৰায় ।

Leave A Reply

Your email address will not be published.