বন্ধৰ মাজতে শিৱসাগৰৰ দুই যুৱকে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে

0 300

ক’ৰণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা জনতা কাৰফিউত প্ৰায় জনশূন্য হৈ পৰে শিৱসাগৰৰ ৰাজপথ।দোকান পোহাৰ, মটৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হয় ।
 
 
এনে সময়তে দুজন যুৱকে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।ইছমাইল তামুলী আৰু ৰাজ আহমেদ নামৰ যুৱক দুজনে নিজা খৰছত চহৰৰ জনসমাগম হোৱা স্থানত ডে’টল, ফেনাইল স্প্ৰে কৰি সচেতন ব্যক্তিসকলৰ প্ৰশংসা লাভ কৰে।
 
উল্লেখযোগ্য যে ক’ৰণাক প্ৰতিহত কৰিবলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচীৰ গ্ৰহণ কৰা হৈছে।ইফালে জিলাখনৰ সপ্তাহিক বজাৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰা হৈছে ।

Leave A Reply

Your email address will not be published.